உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Viral News: যৌন সম্পৰ্ক স্থাপনৰ পিছতে মুখমণ্ডলত ভয়ংকৰ এলাৰ্জী এইগৰাকী যুৱতীৰ! শেষত 'কণ্ডম'কে দিলে দোষ!

    Viral News: যৌন সম্পৰ্ক স্থাপনৰ পিছতে মুখমণ্ডলত ভয়ংকৰ এলাৰ্জী এইগৰাকী যুৱতীৰ! শেষত 'কণ্ডম'কে দিলে দোষ!

    Woman Allergic to Condoms: এলাৰ্জী এনেদৰে বিয়পি পৰিছিল যে, শেষ মুহূৰ্তত হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছিল।

    Woman Allergic to Condoms: এলাৰ্জী এনেদৰে বিয়পি পৰিছিল যে, শেষ মুহূৰ্তত হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছিল।

    Woman Allergic to Condoms: এলাৰ্জী এনেদৰে বিয়পি পৰিছিল যে, শেষ মুহূৰ্তত হাস্পতালত ভৰ্তি কৰিবলগীয়া হৈছিল।

    • Share this:
    কণ্ডম! বছৰ বছৰ ধৰি সমগ্ৰ পৃথিৱীজুৰি ব্যৱহৃত হৈ আহিছে এই কণ্ডম! কেৱল গৰ্ভনিৰোধক নহয়, গনোৰিয়া, চিফিলিচৰ লগতে এইডছৰ দৰে ভয়ংকৰ ৰোগক বাধা দিয়ে এই কণ্ডমে। কিন্তু কণ্ডম ব্যৱহাৰৰ সময়ত এটা কথা অৱশ্যেই মনত ৰাখিব লাগিব, সেয়া হ'ল এলাৰ্জী।

    সম্প্ৰতি আমেৰিকাৰ টেক্সাছৰ ২৬ বছৰীয়া এগৰাকী মডেল ব্ৰায়ানা আলেক্সিচে ছচিয়েল মিডিয়াত জনাইছে এই বিষয়ে কথা। তেওঁৰ দাবী, জীৱনৰ প্ৰথম যৌন সম্পৰ্ক স্থাপনৰ সময়ত তেওঁ ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল।

    ব্ৰায়ানাই জনাইছিল যে, যেতিয়া তেওঁ ১৮ বছৰীয়া আছিল, তেতিয়া প্ৰথমবাৰলৈ যৌন সম্পৰ্কত লিপ্ত হৈছিল। কিন্তু সেই অভিজ্ঞতা তেওঁ আজিও পাহৰিব পৰা নাই।

    তেওঁ জনাইছে যে, সংগমৰ পিছত তেওঁ মাৰাত্মক এলাৰ্জীত চিকাৰ হৈছিল। আনকি হাস্পতালতো ভৰ্তি হ'বলগীয়া হৈছিল। তেওঁ লগতে জনাইছিল যে, যৌন সম্পৰ্ক স্থাপনৰ পিছত তেওঁৰ সৰ্বশৰীৰতে বিশেষ কৈ মুখমণ্ডলত ৰঙা ৰঙা দাগ উলাইছিল। সেই সময়ত মানসিক ভাবেও ভাঙি পৰিছিল ব্ৰায়ানা।

    ছচিয়েল মিডিয়াত এতিয়া সমগ্ৰ বিশ্বৰে মহিলাসকলক তেওঁ এনে এলাৰ্জীৰ পৰা বাছি থকা উপায়ৰ বিষয়েও কৈছে। ব্ৰায়ানাৰ মন্তব্য- জীৱনৰ প্ৰথম যৌন সম্পৰ্কৰ সময়ত পুৰুষ সংগীয়ে মূলত ব্যৱহাৰ কৰিছিল লাটেক্স কণ্ডম। যাৰ পৰা ভয়ংকৰ এলাৰ্জীৰ চিকাৰ হৈছিল তেওঁ। আনকি পৰীক্ষা আৰু পৰ্যবেক্ষণৰ ফত ডাক্তৰৰ ফালৰ পৰাও এয়াই নিশ্চিতি প্ৰদান কৰিছিল। গতিকে তেওঁ নন-লাটেক্স কণ্ডম ব্যৱহাৰ কৰি শাৰীৰিক সম্পৰ্ক স্থাপনৰ পৰামৰ্শ দিছে।
    Published by:Himangshu Bhuyan
    First published: