মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Viral News : এখন ১০ টকীয়া নোট ভাইৰেল! ১০ টকীয়া নোটত যুৱতীৰ জীৱনৰ গোপন কথা, ২৬ এপ্ৰিলৰ পূৰ্বে বিশালে পাবনে কুসুমৰ মনৰ বাৰ্তা!

Viral News : এখন ১০ টকীয়া নোট ভাইৰেল! ১০ টকীয়া নোটত যুৱতীৰ জীৱনৰ গোপন কথা, ২৬ এপ্ৰিলৰ পূৰ্বে বিশালে পাবনে কুসুমৰ মনৰ বাৰ্তা!

২৬ এপ্ৰিলত কুসুমৰ কাষ পাবনে বিশাল? নে নিজৰ প্ৰেম বিসৰ্জন দি আনৰ পত্নী হ’বগৈ কুসুম!

২৬ এপ্ৰিলত কুসুমৰ কাষ পাবনে বিশাল? নে নিজৰ প্ৰেম বিসৰ্জন দি আনৰ পত্নী হ’বগৈ কুসুম!

২৬ এপ্ৰিলত কুসুমৰ কাষ পাবনে বিশাল? নে নিজৰ প্ৰেম বিসৰ্জন দি আনৰ পত্নী হ’বগৈ কুসুম!

  • Share this:
ছচিয়েল মিডিয়া অহাৰ পিছৰে পৰা ভাইৰেল শব্দটো খুব পৰিচিত হৈ গৈছে। ছচিয়েল মিডিয়াৰ জৰিয়তে নানা মজাৰ ভিডিঅ’ৰ পৰা আৰম্ভ কৰি ফটোলৈ সকলো ভাইৰেল হয়। কিন্তু মানুহৰ ভিডিঅ’, ছবি ভাইৰেল হোৱাটো ঠিকেই আছে, কিন্তু কেতিয়াবা শুনিছেনে ১০ টকীয়া এখন নোট ভাইৰেল হোৱা বুলি? হয় সম্প্ৰতি এয়াই হৈছে।

টুইটাৰত এতিয়া তুমুল ভাইৰেল এখন ১০ টকীয়া নোট। সেই নোটখনক লৈ এতিয়া ব্যস্ত নেটিজেন। কি আছে এই নোটখনত? যাক লৈ ছচিয়েল মিডিয়াত এতিয়া সৰব চৰ্চা! জানিলে আপুনিও আচৰিত হ’ব। নোটখনত আছে এক প্ৰেম কাহিনী। বিশাল আৰু কুসুমৰ ভালপোৱাৰ কাহিনী আছে এই ১০ টকীয়া নোটখনত। সম্প্ৰতি টুইটাৰ ব্যৱহাৰকাৰীৰ হাতত বজাৰৰ পৰা এখন ১০ টকীয়া নোট আহে। কিন্তু এই নোটখন হাতত পৰাৰ পিছতে টুইটাৰ ব্যৱহাৰকাৰীৰ চকু কপালত উঠিল। নোটখনত লিখা আছে এক প্ৰেম কাহিনী।

কুসুম নামৰ এগৰাকী যুৱতীয়ে তেওঁ প্ৰেমিকালৈ এটা খবৰ জনাইছে নোটখনৰ মাধ্যমেৰে। প্ৰেমিকৰ নাম বিশাল। কুসুমে নোটখনত লিখিছে, ‘‘বিশাল ২৬ এপ্ৰিলত আমাৰ বিয়া। মোক পলুৱাই লৈ যাবা। আই লাভ ইউ। তোমাৰ কুসুম।’’

এই নোটখন টুইটাৰত শ্বেয়াৰ হোৱাৰ পিছতে যুৱতীৰ প্ৰেমিকৰ সন্ধান আৰম্ভ হৈছে। সকলোৱে শ্বেয়াৰ কৰিছে এই নোটখনৰ ফটো। যাতে কোনোবাই এই খবৰ বিশালৰ কাষ পোৱায়গৈ। কুসুম–বিশালৰ মিলন হ’বনে নাই সেয়া জানিব পৰা হোৱা নাই। কিন্তু এই ১০ টকীয়া নোটখন এতিয়া তীব্ৰগতিত ভাইৰেল হৈছে।

২৬ এপ্ৰিলত কুসুমৰ কাষ পাবনে বিশাল? নে নিজৰ প্ৰেম বিসৰ্জন দি আনৰ পত্নী হ’বগৈ কুসুম! এই সকলো প্ৰশ্ন ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ! কোনোৱে পোষ্টত লিখিছে, ইমান শ্বেয়াৰ কৰক এই পোষ্টটো, যাতে কুসুমৰ এই আহ্বান বিশালে লাভ কৰে।

শেহতীয়া বাতৰি