মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »বাচন ধুৱাকলৈ শাহু-বোৱাৰীৰ মাৰপিট! তাৰ পিছত শাহুৱে বোৱাৰীৰ সৈতে যি কৰিলে... ভাইৰেল ভিডিও দেখি অবাক নেটিজেন

বাচন ধুৱাকলৈ শাহু-বোৱাৰীৰ মাৰপিট! তাৰ পিছত শাহুৱে বোৱাৰীৰ সৈতে যি কৰিলে... ভাইৰেল ভিডিও দেখি অবাক নেটিজেন

বাচন ধোৱাকলৈ শাহু-বোৱাৰীৰ যুদ্ধ।

বাচন ধোৱাকলৈ শাহু-বোৱাৰীৰ যুদ্ধ।

  • Share this:
শাহুৱেক-বোৱাৰীৰ সম্পৰ্ক কেনেধৰণৰ, তাকে লৈ অতীতৰে পৰা কনফিউজড সকলো! কেতিয়াবা ই চকলেটৰ দৰে মিঠা হয়, কেতিয়াবা ই কেৰেলাতকৈও তিতা হৈ পৰে। কেতিয়াবা 'হম তুম সাথ সাথ হে', কেতিয়াবা আকৌ 'কোয়েলা'! কেতিয়া কি হ'ব কোৱাই কঠিন!
শেহতীয়াকৈ, দুই শাহুৱেক-বোৱাৰীৰ যুঁজৰ ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে! কি এই কথা! কোনো কম নহয়!

শাহুৱেক-বোৱাৰীৰ কাজিয়া নতুন নহয়! কিন্তু শেহতীয়াকৈ শাহু আৰু বোৱাৰীয়ে যিদৰে সাধাৰণ কথাকলৈ যুদ্ধক্ষেত্ৰলৈ নামিছে, তাকে দেখি চকু কঁপালত নেটিজেনৰ। দুয়োজনৰ মাজত 'বিশ্বযুদ্ধ'ৰ কাৰণ পিছে কি? বাচন ধোৱা! এগৰাকী কৈছে তুমি ধোৱা, আনগৰাকীয়ে কৈছে 'আপুনি ধোৱক'। আৰু তাৰ পিছতে আৰম্ভ তৰ্কা-তৰ্কি। আৰু শেষত মাৰপিট। পিছত স্থানীয় এগৰাকী মহিলাৰ হস্তক্ষেপত পৰিস্থিতি শান্ত হয়।

ঘটনাটোৰ ভিডিঅ' বোৱাৰীয়েকে নিজেই ৰেকৰ্ড কৰিছিল! এনেকুৱা লাগিছে যেন দুয়োৰে মাজত বিভেদ আছে! শাহুৱে বোৱাৰীয়েকৰ সকলো বস্তু ঘৰৰ বাহিৰলৈ দলিয়াই দিয়ে। ঘটনা ইয়াতে শেষ নহয়! বোৱাৰী লগে লগে ওলাই যায় ঘৰৰ পৰা। শাহুৱে তেতিয়াই পুনৰ উভতি নাহিবলৈ সতৰ্ক কৰি দিয়ে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘৰৰ অন্য লোক নিজৰ নিজৰ কামৰ বাবে বাহিৰত আছিল। ইফালে, ঘৰত এনে কাজিয়াত স্বাভাৱিকতে ঘৰৰ ল'ৰা-ছোৱালীয়ে ভয় খায় আৰু কান্দিবলৈ আৰম্ভ কৰে!

শেহতীয়া বাতৰি