• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Bizarre Matrimonial Ad : চেৰাই গ'ল শালীনতাৰ সীমা ! কইনাৰ শাৰীৰিক গঠনৰ সম্পূৰ্ণ উল্লেখ কৰি বিবাহ অশালীন বিজ্ঞাপন যুৱকৰ 

Bizarre Matrimonial Ad : চেৰাই গ'ল শালীনতাৰ সীমা ! কইনাৰ শাৰীৰিক গঠনৰ সম্পূৰ্ণ উল্লেখ কৰি বিবাহ অশালীন বিজ্ঞাপন যুৱকৰ 

Bizarre Matrimonial Ad : শালীনতাৰ সকলো সীমা অতিক্ৰম কৰি মানুহজনে তেওঁৰ বিয়াৰ বিজ্ঞাপনত কইনাৰ বুকু (Breast) আৰু কঁকাল (Waist)ৰ আকাৰ কিমান হ'ব লাগিব সেয়াও বিতংভাৱে উল্লেখ কৰিছে ।

Bizarre Matrimonial Ad : শালীনতাৰ সকলো সীমা অতিক্ৰম কৰি মানুহজনে তেওঁৰ বিয়াৰ বিজ্ঞাপনত কইনাৰ বুকু (Breast) আৰু কঁকাল (Waist)ৰ আকাৰ কিমান হ'ব লাগিব সেয়াও বিতংভাৱে উল্লেখ কৰিছে ।

Bizarre Matrimonial Ad : শালীনতাৰ সকলো সীমা অতিক্ৰম কৰি মানুহজনে তেওঁৰ বিয়াৰ বিজ্ঞাপনত কইনাৰ বুকু (Breast) আৰু কঁকাল (Waist)ৰ আকাৰ কিমান হ'ব লাগিব সেয়াও বিতংভাৱে উল্লেখ কৰিছে ।

  • Share this:
বিবাহৰ বাবে দিয়া এটা বিজ্ঞাপনে (Matrimonial Ad) শালীনতাৰ সকলো সীমা অতিক্ৰম কৰিলে। বিবাহৰ বাবে কইনা বিচাৰি বিজ্ঞাপন দিয়া সময়ত প্ৰায়েই দৰা পক্ষই বিভিন্ন কথা উল্লেখ কৰে। কিন্তু এই আজৱ বিজ্ঞাপনটোৱে নেটিজেনসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল ইয়াৰ উদ্ভট আশালীন (Obscure Matrimonial Ad) দাবীৰ বাবে। হয়, কেতিয়াবা কোনোবাই ধুনীয়া কইনা, কেতিয়াবা কৰ্মৰত কইনা নাইবা কেতিয়াবা বৰণৰ কথাও বিবাহৰ বিজ্ঞাপনত থাকে। কিন্তু শেহতীয়াকৈ ভাইৰেল হোৱা এটা বিজ্ঞাপনে শালীনতাৰ সকলো সীমা অতিক্ৰম কৰিছে। বিবাহৰ বিজ্ঞাপনত কইনাৰ বুকু আৰু কঁকালৰ আকাৰলৈকে পোনপটীয়াকৈ উল্লেখ কৰিছে !

ভাইৰেল (Viral Matrimonial Ad) হোৱা বিয়াৰ বিজ্ঞাপনটোত এজন মানুহে নিজৰ বাবে কইনা বিচাৰিছে। সেই বিজ্ঞাপনটোত তেওঁৰ কইনা কেনেকুৱা হ'ব লাগে তাৰ বিষয়ে বৰ্ণনা কৰিছে। কিন্তু যিবোৰ কথা উল্লেখ কৰিছে সেইবোৰ দেখি সকলো হতভম্ব হৈছে। বিবাহৰ বিজ্ঞাপনত, তেওঁ দাবী কৰে যে তেওঁৰ হ'ব লগা পত্নীৰ বয়স ১৮ৰ পৰা ২৬ বছৰৰ ভিতৰত হ'ব লাগে। ভাবি কইনাই পোহনীয়া কুকুৰ বা সামগ্ৰিকভাৱে সকলো কুকুৰকে ভাল পাব লাগিব। কইনাই পাৰিবাৰিক মূল্যবোধৰ ওপৰতো বিশেষ গুৰুত্ব দিব লাগিব। এই সকলোবোৰ ঠিকেই আছিল। কিন্তু  বিজ্ঞাপনটোত হ'ব লগা পত্নীৰ শৰীৰৰ আকাৰ (Physical Size) বৰ্ণনা কৰি সকলোকে অবাক কৰিছে লোকজনে। বিজ্ঞাপনটোত মানুহজনে কৈছে যে কইনাগৰাকীৰ উচ্চতা ৫ ফুট ২ ইঞ্চিৰ পৰা ৫ ফুট ৬ ইঞ্চিৰ ভিতৰত হ'ব লাগে। কইনাৰ ওজন কিমান হ'ব এইটোও কোৱা হৈছে যে বিজ্ঞাপনটোত।



তাৰ পিছত মানুহজনে কইনাৰ শৰীৰৰ আকাৰ বৰ্ণনা কৰিবলৈ গৈ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। শালীনতাৰ সকলো সীমা অতিক্ৰম কৰি মানুহজনে তেওঁৰ বিয়াৰ বিজ্ঞাপনত কইনাৰ বুকু (Breast) আৰু কঁকাল (Waist)ৰ আকাৰ কিমান হ'ব লাগিব সেয়াও বিতংভাৱে উল্লেখ কৰিছে । মানুহজনে বিজ্ঞাপনটোত এইটোও উল্লেখ কৰিছিল যে হ'ব লগা পত্নীয়ে মেনিকিউৰ আৰু পেডিকিউৰ কৰিব জানিব লাগে। এই অশালীন বিজ্ঞাপনটো ছচিয়েল মিডিয়াত ভাইৰেল হ'বলৈ বেছি সময় নালাগিল। নেটিজেনসকলৰ এটাৰ পিছত আনটো তীক্ষ্ণ মন্তব্য মানুহজনলৈ কাঁড়ৰ দৰে আহিছে। বিবাহৰ ভাইৰেল বিজ্ঞাপনটো টুইটাৰটো (Twitter) প্ৰচাৰ কৰিছে। মানুহজনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

উল্লেখ্য যে বিবাহৰ বাবে কইনা বিচাৰি দিয়া বিজ্ঞাপনত বিভিন্ন প্ৰয়োজনৰ কথা উল্লেখ কৰা হয়, কিন্তু সম্ভৱতঃ প্ৰথম বাৰৰ বাবে  শৰীৰৰ আকাৰৰ এনে বৰ্ণনাৰে দিয়া বিজ্ঞাপন দেখা গৈছে। সেয়ে স্বাভাৱিকতে বিজ্ঞাপনটোক লৈ সমালোচনাৰে  ভৰি পৰিছে ছচিয়েল মিডিয়া।
Published by:Manjumoni Borah
First published: