আপুনিতো হাঁহ (ভাৰতীয় হাঁহ) দেখিছেই, আগলৈ হেলান দি, লাহে লাহে খোজ দিয়া আৰু পানীত শান্তিৰে সাঁতুৰি থকা দেখিছে। কিন্তু আজি আমি ক’বলৈ ওলোৱা হাঁহটো বাকীবোৰতকৈ পৃথক কাৰণ ইয়াৰ শৰীৰটো আগলৈ হেলনীয়া নহয়, বৰঞ্চ যিকোনো পেংগুইনৰ দৰে পোন বা থিয়। অৰ্থাৎ মানুহে যেনেকৈ দুখন ভৰিত মেৰুদণ্ড পোন কৰি ৰাখে, একেদৰেই থাকে এইবিধ হাঁহ। আৰু গতিৰ ক্ষেত্ৰতো ই বাকী হাঁহবোৰতকৈ বহুত বেছি দ্ৰুত । আমি যি হাঁহৰ কথা কৈছো তাৰ নাম হ’ল ইণ্ডিয়ান ৰানাৰ ডাক (Indian runner ducks) ।
ইণ্ডোনেছিয়াত প্ৰথম দেখা গৈছিল এই হাঁহ
আচলতে এই হাঁহবিধৰ নামটো ভুল হ'ল। ভাৰতত নহয়, এই হাঁহটো প্ৰথম দেখা গৈছিল ১৮০০ চনত ইণ্ডোনেছিয়াত। ইউৰোপীয়সকলে দেখিছিল। শৰীৰটো সম্পূৰ্ণ পোন হোৱা দেখি তেওঁলোকেও স্তম্ভিত হৈ পৰিছিল। এতিয়া প্ৰতিখন মহাদেশতে এই হাঁহবোৰ পোৱা যায়, কিন্তু আজিও এছিয়াৰ বাহিৰৰ মানুহে ইহঁতক দেখিলে আচৰিত হৈ পৰে।
১ বছৰত ৩৫০টা কণী পাৰে
আমি আগতে কোৱাৰ দৰে ইহঁতৰ থিয় হোৱাৰ ধৰণটো পেংগুইনৰ দৰেই। একে সময়তে আন হাঁহৰ তুলনাত ইহঁতৰ দৌৰৰ গতিও অতি বেছি। সেইবাবেই ইয়াৰ নামৰ লগত ৰানাৰ শব্দটো জড়িত হৈ আছে। এই হাঁহবোৰে পুষ্টিৰে ভৰা বিভিন্ন ধৰণৰ বস্তু খায় আৰু ইণ্ডোনেছিয়া আৰু থাইলেণ্ডত ইহঁতক ধাননি পথাৰত এৰি দিয়া হয় যাতে ইহঁতে পোক-পতংগ আদি খাব পাৰে। ইহঁতৰ মাংস বহুত সোৱাদযুক্ত বুলি কোৱা হয়, কিন্তু মাংসতকৈ বেছি ইহঁতক কণীৰ বাবে পালন কৰা হয়, কাৰণ ইহঁতে এবছৰত ৩০০ৰ পৰা ৩৫০টা কণী পাৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|