உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ১০ বছৰে নাছিল সন্তান! কৰ্কট ৰোগত আক্ৰান্ত হৈ স্বামীয়েও আঁকোৱালি লয় মৃত্যু! স্বামীৰ অস্তিত্ব জীয়াই ৰাখিবলৈকে বৈজ্ঞানিক পদ্ধতিৰে সন্তান জন্ম দিলে পত্নীয়ে!

    ১০ বছৰে নাছিল সন্তান! কৰ্কট ৰোগত আক্ৰান্ত হৈ স্বামীয়েও আঁকোৱালি লয় মৃত্যু! স্বামীৰ অস্তিত্ব জীয়াই ৰাখিবলৈকে বৈজ্ঞানিক পদ্ধতিৰে সন্তান জন্ম দিলে পত্নীয়ে!

    যেতিয়া স্বামীৰ মৃত্যু হৈছিল, মহিলাগৰাকী গৰ্ভৱতী নাছিল! স্বামীৰ মৃত্যুৰ পিছত, তেওঁ গৰ্ভৱতী হৈছিল। পিছে কেনেকৈ?

    যেতিয়া স্বামীৰ মৃত্যু হৈছিল, মহিলাগৰাকী গৰ্ভৱতী নাছিল! স্বামীৰ মৃত্যুৰ পিছত, তেওঁ গৰ্ভৱতী হৈছিল। পিছে কেনেকৈ?

    যেতিয়া স্বামীৰ মৃত্যু হৈছিল, মহিলাগৰাকী গৰ্ভৱতী নাছিল! স্বামীৰ মৃত্যুৰ পিছত, তেওঁ গৰ্ভৱতী হৈছিল। পিছে কেনেকৈ?

    • Share this:
    স্বামীৰ মৃত্যু হৈছে। কিন্তু পত্নীয়ে স্বামীৰ অস্তিত্ব জীয়াই ৰাখিবলৈ এটি সন্তান জন্ম দিলে ! আপুনি আচৰিত হৈছে নিশ্চয়! এইটো কেনেকৈ সম্ভৱ? স্বামী ইতিমধ্যে মৃত্যু হৈছে, আৰু যেতিয়া স্বামীৰ মৃত্যু হৈছিল, মহিলাগৰাকী গৰ্ভৱতী নাছিল! স্বামীৰ মৃত্যুৰ পিছত, তেওঁ গৰ্ভৱতী হৈছিল। পিছে কেনেকৈ?

    তেন্তে আৰম্ভণিৰে পৰাই কোৱা হওক! ৩৩ বছৰীয়া লৰেনে তেওঁৰ স্বামী ক্ৰিমক অত্যন্ত ভাল পাইছিল। বিবাহৰ ১০ বছৰলৈকে তেওঁলোকৰ সন্তান নাছিল। লৰেন আৰু ক্ৰীমে কেতিয়াও ইয়াৰ বিষয়ে ভবা নাছিল।

    কিন্তু বিবাহৰ ১০ বছৰৰ পিছত, তেওঁলোকে ভাবে যে এইবাৰ তেওঁলোকে পৰিয়াল পৰিকল্পনাৰ কথা চিন্তা কৰা উচিত। কিন্তু ঈশ্বৰে নুশুনিলে তেওঁলোকৰ প্ৰাৰ্থনা। সেইসময়তে তেওঁলোকৰ জীৱনে ল'লে অন্য গতি। এদিন ক্ৰিম কৰ্কট ৰোগত আক্ৰান্ত হয়।

    লৰেনে জানিছিল যে, ক্ৰিম আৰু বেছিদিন জীয়াই নাথাকিব। কিন্তু তেতিয়াও স্বামীৰ অস্তিত্ব জীয়াই ৰাখিবলৈ মাতৃহোৱাৰ বাসনা এৰি দিয়া নাছিল। ক্ৰিমৰ সন্তানৰ মাতৃ হ'ব বিচাৰিছিল লৰেন!

    পিছে সেইটো কেনেকৈ সম্ভৱ হ'ব? বহুত চিন্তা কৰি, ক্ৰিম আৰু লৰেনে চিকিৎসকসকলৰ পৰামৰ্শৰ সৈতে এটা উপায় বিচাৰি পালে! ক্ৰিমৰ কেমোথেৰাপী আৰম্ভ হোৱাৰ পূৰ্বে তেওঁৰ শুক্ৰাণু সংৰক্ষণ কৰি ৰখা হয়। ক্ৰিমৰ মৃত্যুৰ ন মাহ পিছত সেই শুক্ৰাণু ব্যৱহাৰ কৰি আইভিএফ পদ্ধতিৰে গৰ্ভৱতী হয় লৰেন। আৰু জন্ম দিয়ে এটি সুস্থ সন্তান।

    এটা পডকাষ্ট শ্ব'ত, লৰেনে নিজৰ জীৱনৰ এই ঘটনা বৰ্ণনা কৰিছিল। ২০১৩ চনত, ক্ৰিমৰ মস্তিষ্কৰ টিউমাৰ ধৰা পৰিছিল। ২০২০ চনত তেওঁৰ মৃত্যু হয়। ২০১৭ চনত, ক্ৰিমৰ শুক্ৰাণু সংৰক্ষণ কৰা হৈছিল। ক্ৰিমৰ মৃত্যুৰ পিছত, লৰেন ক্ৰিমৰ শুক্ৰাণু ব্যৱহাৰ কৰি মাতৃ হৈছিল। এতিয়া শিশুটিৰ নাম ৰখা হৈছে মেক গ্ৰেগ। যি আছিল ক্ৰিমৰ পচন্দৰ নাম।
    Published by:Himangshu Bhuyan
    First published: