পেৰেণ্টিং (Parenting) কিমান টান কাম সেয়া কেৱল পিতৃ–মাতৃয়েহে ক’ব পাৰে। সন্তান যেতিয়া সৰু থাকে তেতিয়া তেওঁলোকৰ কিছুমান কামে পিতৃ–মাতৃক আনন্দ দিয়ে। কিন্তু শেহতীয়াকৈ এগৰাকী মহিলাই কণমানি সন্তানৰ এনেকুৱা এক কথা শ্বেয়াৰ কৰিছে যিটো শুনি আপোনাৰ মৰমৰ লগাৰ লগতে হাঁহিও উঠিব। এটি শিশুৱে ভুলতে নিজৰ মাতৃয়ে গা ধুই থকা লাইভ দেখুৱাবলৈ আৰম্ভ কৰে।
ডেইলী ষ্টাৰৰ ৰিপ’ৰ্ট অনুসৰি, আমেৰিকাৰ বাসিন্দা ব্ৰিয়ানাই শেহতীয়াকৈ ছচিয়েল মিডিয়া প্লেটফৰ্ম টিকটকত এক ভিডিঅ’ শ্বেয়াৰ কৰা নিজৰ কন্যা সন্তানৰ সৈতে জড়িত এক ধেমেলীয়া কাহিনী উল্লেখ কৰে। তেওঁ কয় যে এদিন তেওঁ সন্তানক গেম খেলিবলৈ ফোনটো দি গা ধুবলৈ গৈছিল। তেওঁ ম’বাইলত এটা প্ৰি–স্কুলৰ লাৰ্নিং গেম খুলি দিচিল। তেওঁৰ কন্যাই নিজে ম’বাইল চলাব জনা নাছিল। কিন্তু মাতৃ গা ধুবলৈ যোৱাৰ সময়তে কিবাকিবি বুটাম টিপি থাকে। তাৰ পিছতে শিশুটিয়ে গা ধুই থকা মাতৃক মাতি কয় যে ম’বাইলটো কিবা এটা হ’ল গেমটো চলা নাই। মহিলাগৰাকীয়ে কন্যাক বাথৰুমৰ ভিতৰলৈ মাতিলে আৰু ফোনটো চালে। তেওঁ ফোনৰ ছেটিংছ চাবলৈ লৈছিল আৰু তেওঁৰ দৃষ্টি নটিফিকেচন উইণ্ড’লৈ গ’ল যিটো দেখি হতবাক হৈ পৰে।
তেওঁ নটিফিকেচন উইণ্ড’লৈ গৈ দেখিলে যে বেকগ্ৰাউণ্ডত ইনষ্টাগ্ৰাম লাইভ অন আছে আৰু বেক কেমেৰাৰে ভিডিঅ’ শ্বুট হৈ আছে। লগে লগে মহিলাগৰাকীয়ে ভিডিঅ’ বন্ধ কৰে। ব্ৰিয়ানাৰ টিকটকত বহু লোকে এই ঘটনাক লৈ কমেণ্ট কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|