உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Viral: ফটোত কোনে কাক সাবটি ধৰিছে? উত্তৰ দিবলৈ গৈ হাবাথুৰি খাইছে বহুতে, আপুনি ক’ব পাৰিবনে?

    Viral: ফটোত কোনে কাক সাবটি ধৰিছে? উত্তৰ দিবলৈ গৈ হাবাথুৰি খাইছে বহুতে, আপুনি ক’ব পাৰিবনে?

    ফটোখনত দুয়োৰে ভৰিৰ ফালে চাওক!  বিমোৰত পৰিব আপুনি। দেখিব দুয়োৰে ভৰিৰ পটা যেন ওলোটা!

    ফটোখনত দুয়োৰে ভৰিৰ ফালে চাওক!  বিমোৰত পৰিব আপুনি। দেখিব দুয়োৰে ভৰিৰ পটা যেন ওলোটা!

    ফটোখনত দুয়োৰে ভৰিৰ ফালে চাওক!  বিমোৰত পৰিব আপুনি। দেখিব দুয়োৰে ভৰিৰ পটা যেন ওলোটা!

    • Share this:
    ছচিয়েল মিডিয়াত মাজে সময়ে বিভিন্ন ফটো ভাইৰেল হয়, যিবোৰে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীক বিমোৰত পেলায়। তেনে এখন ফটো ভাইৰেল হৈছে ভেলেণ্টাইন উইকত। ফটোখনত এক প্ৰেমিক যুগলক সমুদ্ৰৰ তীৰত ইজনে আনজনক সাবটি ধৰি থকা দেখা গৈছে। এতিয়া আপুনি কওক কোনে কাক সাবটি ধৰিছে? মানে প্ৰেমিকে প্ৰেমিকাক নে প্ৰেমিকাই প্ৰেমিকক?

    সাধাৰণ দৃষ্টিত এয়া অতি সাধাৰণ যেন লাগিব। আপুনি ভাবিব এয়া আকৌ কেনেধৰণৰ প্ৰশ্ন? কিন্তু ফটোখন চালে খেলিমেলি লাগিব আপোনাৰো। এবাৰ দুবাৰ নহয়, বাৰে বাৰে চালেও আপুনি সহজতে ধৰিব নোৱাৰিব ফটোখনৰ ৰহস্য। এই ফটোখন চাই উত্তৰ বিচাৰি হাবাথুৰি খাইচে বহুতেই।



    ফটোখনত দুয়োৰে ভৰিৰ ফালে চাওক!  বিমোৰত পৰিব আপুনি। দেখিব দুয়োৰে ভৰিৰ পটা যেন ওলোটা! ফলত কোনে কাক সাবটি ধৰিছে সেয়া কোৱাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে।



    আচলতে প্ৰেমিকে যিটো শ্বৰ্টছ পিন্ধিছে সেয়া দুটা ৰঙৰ। কাষৰ ফালে ক’লা আৰু মাজত বগা। আনহাতে, প্ৰেমিকাই পিন্ধিছে বগা পেণ্ট। প্ৰেমিকাৰ পেণ্টৰ বগা অংশ আৰু প্ৰেমিকৰ পেণ্টৰ মাজৰ অংশ মিলি যোৱাৰ ফলত সৃষ্টি হৈছে অপ্টিকেল ইলুজনৰ।

    অৱশ্যে এই ফটোখন এতিয়াৰ নহয়। ২০১৬ চনত প্ৰথম শ্বেয়াৰ হৈছিল এই খেলিমেলি লগা ফটোখন। ভেলেণ্টাইন ডেৰ পূৰ্বে পুনৰ এবাৰ ভাইৰেল হৈছে এই ফটো।
    Published by:Sanjay Kumar Das
    First published: