লকডাউন আৰম্ভ হোৱাৰ সময়ৰে পৰা টুইটাৰত এক নতুন বিষয় ট্ৰেণ্ড কৰিছে, ‘ব্ৰেইনটিজাৰ’! কি এই ব্ৰেইনটিজাৰ? এনে কিছুমান ছবি শ্বেয়াৰ কৰা হয় যাৰ সমাধান বিচাৰি উলিওৱা কঠিন হয়। কেতিয়াবা যদি বাঘ বিচাৰি উলিওৱাৰ চেলেঞ্জ, কেতিয়াবা আকৌ অপ্টিকেল ইলুজন। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলেও এই চেলেঞ্জ খুব পছন্দ কৰিছে। নিজেই সমাধান কৰি আনলৈ শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। কোনোৱে সহজে সমাধান কৰিছে, কোনোৱে আকৌ মূৰ ঘমাবলগীয়া হৈছে!
বৰ্তমান পুনৰ এটা ব্ৰেইনটিজাৰ ভাইৰেল হৈছে। টুইটাৰত আইএফএছ বিষয়া সুশান্ত নন্দাই এখন ফটো শ্বেয়াৰ কৰিছে, যিখন দেখি আপুনি ভাবিব যে বিস্তীৰ্ণ প্ৰান্তৰে খোজকাঢ়ি গৈ আছে ৯টা ঘোঁৰা। কিন্তু প্ৰশ্নটো হ’ল পাজলটো ক’ত? ভালকৈ ফটোখন নাচালে আপুনি ধৰিব নোৱাৰিব এই কথা। আচলতে ফটোত দেখা জন্তুকেইটা ঘোঁৰা নহয়। তেন্তে?
আচলতে ফটোত দেখা জন্তুকেইটা হ’ল ৯টা জেব্ৰা। আপুনি দেখা ঘোঁৰা যেন লগা সেইবোৰ জেব্ৰাৰ ছাঁহে। আপুনি ভালকৈ চালে ধৰিব পাৰিব ঘোঁৰা নহয়, সেইকেইটা জেব্ৰাহে। অপ্টিকেল ইলুজনৰ বাবে ধাৰণা হয় সেয়া ঘোঁৰাৰ জাক এটাই খোজকাঢ়ি গৈ আছে। কিন্তু ভালকৈ মন কৰিলে দেখা পাব প্ৰকৃত সত্য।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 07, 2022, 14:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।