অভিনেত্ৰী শ্বেহনাজ গীলৰ ২৭ বছৰীয়া ওপজা দিন। জন্মদিনৰ দিনা আজৱ ধৰণে শুভেচ্ছা জনোৱা হ’ল অভিনেত্ৰীগৰাকীক। অভিনেত্ৰীগৰাকীক দলিয়াই দিয়া হ’ল পানীৰ মাজত। মানে ছুইমিং পুলত। শ্বেহনাজ গীল বলীউদৰ অভিনেত্ৰী। মডেলিঙো কৰিছে।
শ্বেহনাজ গীল বিগবছৰ প্ৰতিযোগী। ২৭সংখ্যক জন্মদিনত অভিনেত্ৰীগৰাকীক বন্ধুবৰ্গ, পৰিয়ালৰ লোক আৰু সিদ্ধাৰ্থ শুক্লাই মিলি হাত–ভৰিত ধৰি দলিয়াই দিলে ছুইমিং পুলত। এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে ফটোগ্ৰাফাৰ মানৱ মংলানীয়ে। মানৱে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এই ভিডিঅ’ শ্বেয়াৰ কৰিছে।
ভিডিঅ’ত দেখা গৈছে শীতৰ পোছাকতে আছে শ্বেহনাজ। সকলোৱে মিলি শ্বেহনাজক হাতে–ভৰিয়ে ধৰি একৰ পৰা ২৭লৈকে গণনা কৰিছে। তাৰ পিছত সকলোৱে মিলি ছুইমিং পুলত দলিয়াই দিছে। ইয়াৰ পিছত কেক কাটি পালন কৰা জন্মদিন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|