আপুনি হয়তো প্ৰায়ে শুনিবলৈ পায় যে মানুহে পদপথৰ খাদ্যৰ বিষয়ে কয়, "দোকান যিমানেই লেতেৰা হ’ব সিমানেই খাদ্য সোৱাদ হ’ব"। আপুনি প্ৰতিদিনে এনেকুৱা ভিডিঅ' হয়তো পায়, য'ত পদপথৰ খাদ্য অতি লেতেৰা ধৰণে প্ৰস্তুত কৰা হয়। কিন্তু দেখাৰ পাছতো মানুহে এই পদপথৰ খাদ্য খাবলৈ বাদ দিয়া নাই আৰু সেই দোকানবোৰত সদায় গ্ৰাহকত সমাগম বাঢ়িয়ে আছে।
এতিয়া এনেধৰণৰ আন এটা ভিডিঅ’ চৰ্চালৈ আহিছে, য’ত কাৰখানাত নুডলছ তৈয়াৰ কৰা হৈছে। এই ভিডিঅ'টো চাই এনে লাগিছে যে হয়তো ইয়াৰ পিছত ৰাস্তাৰ কাষৰ ষ্টলৰ পৰা চাউমিন খোৱাৰ আগতে আপুনি নিশ্চয় দুবাৰ ভাবিব।
দৰাচলতে চিৰাগ বৰজাত্য নামৰ এজন টুইটাৰ ইউজাৰে এটা ভিডিঅ’ পোষ্ট কৰিছিল, য’ত কাৰখানাত নুডলছ কেনেকৈ তৈয়াৰ কৰা হয় সেই বিষয়ে দেখুওৱা হৈছে। প্ৰায় ১ মিনিটৰ এই ভিডিঅ’ ক্লিপটোত দেখা গৈছে যে ফেক্টৰীৰ শ্ৰমিকসকলে কেনে কদৰ্য পৰিৱেশত পিঠাগুৰি গুড়ি কৰাৰ পৰা আৰম্ভ কৰি লেতেৰা পাত্ৰত থোৱালৈকে কিমান অস্বাস্থ্যকৰভাৱে নুডলছ প্ৰস্তুত কৰে।
"শ্বেজৱান চচৰ সৈতে ৰাস্তাৰ কাষৰ চাইনিজ হাক্কা নুডলছ শেষবাৰৰ বাবে আপুনি কেতিয়া খাইছিল" বুলি চিৰাগে কটুভাৱে লিখি পথৰ কাষৰ ষ্টলৰ পৰা নুডলছ খোৱাসকলক ব্যংগ কৰিছে।
When was the last time you had road side chinese hakka noodles with schezwan sauce? pic.twitter.com/wGYFfXO3L7
— Chirag Barjatya (@chiragbarjatyaa) January 18, 2023
চিৰাগে শ্বেয়াৰ কৰা এই ভিডিঅ’টো টুইটাৰত ভাইৰেল হৈ পৰে। আন বহু লোকেও এই ভিডিঅ'টো বিদ্ৰুপাত্মতক সুৰত ৰিটুইট কৰিছে। কিছুমানে ইয়াক ‘নুডলছ বনোৱাৰ বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ প্ৰক্ৰিয়া’ বুলি কয়। এই নুডলছৰ লগত সুস্বাদু মছলাৰ পাউদাৰ আৰু ডায়েৰিয়া থাকে।’ আন এজন ব্যৱহাৰকাৰীয়ে কৈছিল যে ‘বাহ... কঠোৰ পৰিশ্ৰমী মানুহ...’।
একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে আঙুলিয়াই দিলে যে এই ভিডিঅ’টোত এই নুডলছবোৰ ৰাজপথৰ বিক্ৰেতাৰ বাবে প্ৰস্তুত কৰা হৈছে নে পাঁচ তাৰকাযুক্ত হোটেলৰ বাবে প্ৰস্তুত কৰা হৈছে সেইটো দেখা নাযায়। তেওঁ লিখিছে, "আপুনি কেনেকৈ জানে যে এইটো কেৱল পথৰ কাষৰ বিক্ৰেতাই ব্যৱহাৰ কৰে আৰু পঞ্চতাৰকাযুক্ত ৰেষ্টুৰেণ্টত নকৰে?'
ইয়াৰ পূৰ্বেও একেধৰণৰ ভিডিঅ’ ওলাইছিল, য’ত এজন ব্যক্তিয়ে টোষ্ট বনাবলৈ পিঠাগুৰি গুড়ি কৰা দেখা গৈছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত দেখা গৈছে যে "কেনেকৈ কাৰখানাৰ শ্ৰমিকে খালী ভৰিৰে আটাত জপিয়াই আছে। ধৰা পৰাৰ লগে লগে তেওঁ পিঠাগুৰি গুড়ি কৰাৰ অভিনয় কৰিলে আৰু মালিকৰ কথা সোধাত তেওঁ ক্ষমা খুজিবলৈ ধৰিলে।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|