নতুন দিল্লীঃ দিগ্গজ অভিনেত্ৰী ৱাহিদা ৰেহমান(Waheeda Rehman) যিয়ে নিজৰ সুন্দৰ অভিনয়েৰে চিলভাৰ স্ক্ৰীণত এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে তেওঁ আজি নিজৰ ৮৩ সংখ্যক জন্মদিন পালন কৰিছে। এটা সময়ৰ জনপ্ৰিয় হিন্দী চিনেমাৰ অভিনেত্ৰীগৰাকীয়ে পিছে কেৰিয়াৰ তেলেগু চিনেমাৰ পৰাহে আৰম্ভ কৰিছিল। ইয়াৰ পিছতে তেওঁ হিন্দী, তামিল, মালায়লম আৰু বাংলা চিনেমাতো কাম কৰিছিল। তেওঁৰ অনুৰাগী তেওঁক লৈ আজিও আপ্লুত।
তামিলনাডুত জন্মগ্ৰহণ কৰা ৱাহিদা ৰেহমান এগৰাকী প্ৰশিক্ষিত ভাৰতনাট্যম নৰ্তকী। প্ৰথমে তেওঁ চিকিৎসক হ’বহে খুজিছিল পিছে ভাগ্যই তেওঁক টানি নিলে বেলেগ ফালে। কম বয়সতে নিজৰ পিতৃক তেওঁ হেৰুৱাই দিয়ে আৰু ইয়াৰ পিছতে পৰিয়ালয়ক চোৱা–চিতা কৰিবলৈ তেওঁ ছবিলৈ আহে।
ৱাহিদাই ১৯৫৫ চনত তেলেগু চিনেমাৰে নিজৰ অভিনয় জীৱন আৰম্ভ কৰে আৰু বলিউডত কেৰিয়াৰ আৰম্ভ কৰে ১৯৫৬ চনৰ গুৰু দত্ত প্ৰডাকচনৰ চিনেমা চিআইডিৰে। ৱাহিদা ৰেহমানে আজিও কাগজৰ ফুল, চাহিব বিবি ঔৰ গুলাম, কালা বজাৰ, ৰূপ কী ৰাণী, চোৰো কা ৰাজা, ৰাম ঔৰ শ্যাম আৰু খামোচিৰ দৰে কেইবাখনো চিনেমাত স্মৰণীয় অভিনয় কৰে। এই ছবিসমূহৰে তেওঁ এগৰাকী দক্ষ অভিনেত্ৰীৰূপে উদ্ভাসিত হয়।
চিনেমা জগতত শ্বুটিঙৰ সময়ত এনে বহু ঘটনা ঘটে যিবোৰ সদায় মনত থাকি যায়। ৱাহিদা ৰেহমানৰো এনে বহু কাহিনী আছে যিসমূহ তেওঁ হাঁহিমুখেৰে মনত পেলায়। কিছু সময় পূৰ্বে ৱাহিদা ৰেহমানে টিভি শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’লৈ আহিছিল। ইয়াত তেওঁ অমিতাভা বচ্চনৰ (Amitabh Bachhan) সৈতে শ্বুটিঙৰ এক আমোদজনক ঘটনা ৰোমন্থন কৰে।
ৱাহিদা ৰেহমানৰ ছবি ‘ৰেচমা আৰু শ্বেৰা’ৰ শ্বুটিঙৰ সময়ত অমিতাভ বচ্চনক চৰ শোধাবলগীয়া হৈছিল। ৱাহিদাই ধেমালিতে অমিতাভাক কৈছিল যে মই আপোনাক জোৰেৰে চৰ মাৰিম আৰু সঁচাকৈ শ্বট দিওতে সজোৰে অমিতাভাৰ গালত চৰ বহাই দিছিল ৱাহিদাই। অমিতাভৰ প্ৰতিক্ৰিয়াৰ পৰা শ্বুটিঙত উপস্থিত সকলোৱে ধৰিব পাৰিছিল যে চৰটো ভালকৈ গালত পৰিছিল তেওঁৰ। ৱাহিদাই জনায় শ্বুটিঙৰ পিছত অমিতাভ তেওঁৰ কাষলৈ আহি কয় যে, ৱাহিদা জী সেয়া সঁচাকৈ ভাল আছিল। ৱাহিদা ৰেহমান এগৰাকী বহুমুখী প্ৰতিভাৰ অভিনেত্ৰী যিয়ে পৰ্দাত প্ৰায় সকলোধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰি আহিছে। তেওঁ অমিতাভ বচ্চনৰ মাতৃ আৰু প্ৰেমিকা দুয়োৰে চৰিত্ৰ ৰূপায়ন কৰি আহিছে।
ৱাহিদাই ১৯৭৪ চনত নিজৰ ক’ ষ্টাৰ শশী ৰেখাৰ সৈতে বিয়া পাতে। তেওঁৰ দুটা সন্তান চোহেইল আৰু কাশৱী, ছবিজগতৰ প্ৰখ্যাত লেখক। ৱাহিদা ৰেহমানৰ স্বামী শশী ৰেখাই দীঘলীয়া অসুস্থতাৰ পিছত ২০০০ চনত মৃত্যুৰ কোলাত ঢলি পৰে। কিছু সময়ৰ পৰা ৱাহিদাই এতিয়া কেমেৰাৰ পিছৰ জীৱন কটাই আছে। লগতে তেওঁ ৱাইল্ড লাইফ ফটোগ্ৰাফীও কৰে।
FIRST PUBLISHED : February 03, 2021, 12:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|