ওজন কমোৱাত সহায়ক পাচলিজাতীয় আহাৰে ক্ষতি কৰিব পাৰে আপোনাৰ হাড়ৰ স্বাস্থ্য!

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:43 PM IST
ওজন কমোৱাত সহায়ক পাচলিজাতীয় আহাৰে ক্ষতি কৰিব পাৰে আপোনাৰ হাড়ৰ স্বাস্থ্য!
ভিন্ন দেশৰ বহু তাৰকাৰ পৰা আদি কৰি সাধাৰণজনলৈ বহুতে আঁকোৱালি লৈছে এই ভেগান ডায়েট।

ভিন্ন দেশৰ বহু তাৰকাৰ পৰা আদি কৰি সাধাৰণজনলৈ বহুতে আঁকোৱালি লৈছে এই ভেগান ডায়েট।

  • Share this:
সাম্প্ৰতিক সময়ত সকলোৰে মাজত ওজন কমোৱাৰ বাবে জনপ্ৰিয় হৈ পৰা এবিধ ডায়েট হৈছে ভেগান ডায়েট অৰ্থাৎ কেৱল পাচলিজাতীয় খাদ্য গ্ৰহণ কৰা। ভিন্ন দেশৰ বহু তাৰকাৰ পৰা আদি কৰি সাধাৰণজনলৈ বহুতে আঁকোৱালি লৈছে এই ভেগান ডায়েট। য'ত মাংস, কণীৰ পৰা আদি কৰি গাখীৰ জাতীয় সামগ্ৰী বাহিৰত ৰখা হয়। যিয়ে ওজনৰ লগতে কলেষ্টৰেল হ্ৰাস কৰাত কৰে।

কিন্তু অতি শেহতীয়াকৈ এক অধ্যয়নত পোহৰলৈ আহিছে এই ভেগান ডায়েটৰ অপকাৰিতাৰ দিশটো। কিয়নো অধ্যয়নত পোৱা গৈছে যে, এই ভেগান আহাৰ গ্ৰহণ কৰা লোকসকলৰ দুৰ্বল হ'ব পাৰে হাড়ৰ স্বাস্থ্য।

এক নতুন অধ্যয়নত ভেগানসকলৰ হাড়ৰ স্বাস্থ্যৰ লগতে মিশ্ৰিত আহাৰ অনুসৰণ কৰা লোকসকলৰ হাড়ৰ আলট্ৰাচাউণ্ড জোখ নিৰ্ধাৰণ কৰা হৈছিল। য'ত এই তথ্য লাভ কৰা গৈছিল যে ভেগান ডাইট অনুসৰণ কৰা লোকসকলৰ শৰীৰত আলট্ৰাচাউণ্ড ভেল্যু বহু কম থাকে। যিয়ে তেওঁলোকৰ হাড়ৰ দুৰ্বলতাৰ ইংগিত দিয়ে।

"যদিও ভেগান আহাৰক প্ৰায়ে স্বাস্থ্য-সচেতন বুলি গণ্য কৰা হয়, বৈজ্ঞানিক ফলাফলে সূচায় যে ভেগান আহাৰে হাড়ৰ স্বাস্থ্যক প্ৰভাৱিত কৰে।" – এক বিবৃতিযোগে এই কথা উল্লেখ কৰে জাৰ্মান ফেডাৰেল ইনষ্টিটিউট ফৰ ৰিস্ক এছেছমেণ্টৰ গৱেষক এণ্ড্ৰেছ হেনেলে।

এই অধ্যয়নটোৰ বাবে, দলটোৱে ৭২ গৰাকী পুৰুষ আৰু মহিলাৰ ওপৰত অধ্যয়ন চলাইছিল। আল্ট্ৰাছাউণ্ড জোখ ব্যৱহাৰ কৰি গেৰোহাৰ হাড়ৰ জৰিয়তে সকলো অংশগ্ৰহণকাৰীৰ হাড়ৰ স্বাস্থ্য মূল্যায়ন কৰা হৈছিল। লগতে তেওঁলোকৰ বয়স, ধূমপানৰ স্থিতি, শিক্ষা, শৰীৰৰ ভৰ সূচক, শাৰীৰিক কাৰ্যকলাপ আৰু সুৰা সেৱনৰ বিষয়েও তথ্য সংগ্ৰহ কৰা হৈছিল।

পৰিসাংখ্যিক মডেল এটা ব্যৱহাৰ কৰি, দলটোৱে ১২টা বায়োমাৰ্কাৰৰ এটা পেটাৰ্ণ চিনাক্ত কৰিবলৈ সক্ষম হৈছিল, যিয়ে ২৮টা পুষ্টিৰ দ্বাৰা হাড়ৰ স্বাস্থ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ইয়াৰ দ্বাৰা এয়া দেখুওৱা হৈছিল যে, ভিটামিন এ আৰু বি৬ৰ সংমিশ্ৰণ, এমিনো এচিড লিচাইন আৰু লিউচিন, অমেগা-৩ ফেটি এচিড, চেলেনোপ্ৰ'টিন পি, আয়োডিন, থাইৰইড-উদ্দীপক হৰমন, কেলচিয়াম, মেগনেছিয়াম আৰু এ-কলোথো প্ৰ'টিন হাড়ৰ স্বাস্থ্যৰ সৈতে ইতিবাচকভাৱে জড়িত আছিল।

ইয়াৰ বিপৰীতে, এই আৰ্হিত উচ্চ আল্ট্ৰাছাউণ্ড স্তৰত এফ জি এফ ২৪ হৰমনৰ নিম্ন ঘনত্ব দেখা গৈছিল।
Published by: Sanjay Kumar Das
First published: March 9, 2021, 1:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি