Vastu Tips For Holi 2023: হিন্দু ধৰ্মত দৌল উৎসৱ বা হোলী অতি গুৰুত্বপূৰ্ণ। ৰঙৰ উৎসৱত আমি আমাৰ জীৱনত ৰঙৰ স্পৰ্শ অনুভৱ কৰো। সমগ্ৰ দেশে এই উৎসৱ পালন কৰে। দুৰ্গা পূজা আৰু দীপাৱলীৰ সময়ত যেনেকৈ ঘৰ চাফা কৰি ঘৰৰ পৰা অশুভ বস্তুবোৰ আঁতৰাই পেলোৱাৰ প্ৰথা, হোলীৰ আগতেও ঘৰৰ পৰা কিছুমান বস্তু আঁতৰাই পেলাব লাগে। ৭ মাৰ্চত দৌল আৰু পিছদিনা ৮ মাৰ্চত হোলী উদযাপন কৰা হ’ব। জানি থওক মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈ ঘৰৰ পৰা কিছুমান বস্তু আঁতৰাই দিব লাগে।
ভঙা আইনা
ভঙা আইনা কেতিয়াও ঘৰৰ ভিতৰত নাৰাখিব। ভঙা আইনাত মুখ চাই নিজৰ দুৰ্ভাগ্য আমন্ত্ৰণ জনোৱাৰ দৰে হয়। আইনাখন ভাঙিলে পেলাই দিব। যিকোনো ভঙা বা ফাটি যোৱা কাঁচৰ বস্তু পেলাই দিয়াটো অতি প্ৰয়োজনীয়।
ষ্টপ ৱাচ
এতিয়াও ঘৰত ৰৈ যোৱা ঘড়ীটোৰ লগত আবদ্ধ হৈ আছে? আপোনাৰ দুৰ্ভাগ্য কোনেও ৰোধ কৰিব নোৱাৰে। ঘৰত বন্ধ ঘড়ী এটাই আমাৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে। দৌলৰ আগতে ঘৰৰ পৰা বন্ধ ঘড়ীটো আঁতৰাই দিব।
ভঙা মূৰ্তি
ভগৱানৰ প্ৰতিমূৰ্তি ভাঙিলেও আমি পেলাই দিব মন নকৰো। কিন্তু ঘৰত ভঙা মূৰ্তি ৰখাটো বাস্তুৰ মতে অতিশয় অশুভ। হোলীৰ আগেয়ে ঘৰৰ ভঙা মূৰ্তিবোৰ ঘৰৰ পৰা আঁতৰাই দিব। যদি ভগৱানৰ কোনো সজ্জা সামগ্ৰীৰ ক্ষতি হয় তেন্তে সেইবোৰো পেলাই দিব লাগে। অন্যথা ই গুৰুতৰ বাস্তু দোষৰ সৃষ্টি কৰিব পাৰে।
নষ্ট বৈদ্য়ুতিক সামগ্ৰী
যদি বৈদ্যুতিক সামগ্ৰীবোৰ বিকল হৈ এতিয়াও ঘৰত জমা হৈ থাকে, তেন্তে তাত ৰাহু আৰু কেতুৰ অশুভ দৃষ্টি পৰে। মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ ঘৰখন পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়। গতিকে আৰু ব্যৱহাৰযোগ্য নোহোৱা বৈদ্য়ুতিক সামগ্ৰী পেলাই দিয়ক। বিক্ৰী কৰক, কিন্তু ঘৰত নাৰাখিব।
মূল দুৱাৰখন পৰিষ্কাৰ কৰি ৰাখক
দৌলৰ আগতে আপোনাৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰ পৰিষ্কাৰ কৰক। মূল দুৱাৰখন লেতেৰা হ’লে মা লক্ষ্মী কেতিয়াও সেই ঘৰত প্ৰৱেশ নকৰে। আৱৰ্জনা মূল দুৱাৰৰ বাহিৰত নাৰাখিব। ই ঘৰলৈ ঋণাত্মক শক্তি আনে।
পুৰণি জোতা
আৰু নিপিন্ধা জোতাবোৰ ঘৰত ৰাখিলে কোনো লাভ নাই, বৰঞ্চ লোকচান হয়। বহুদিন ব্যৱহাৰ নকৰা জোতাৰে ঘৰত ঋণাত্মক শক্তিৰ সৃষ্টি কৰে। হয় এই জোতাযোৰ পেলাই দিয়ক নহয় দৌলৰ আগতে কাৰোবাক দিয়ক। অন্যথা পুৰণি জোতাৰ পৰা নেতিবাচক শক্তি বিয়পি পৰিব আৰু আপোনাৰ দুৰ্ভাগ্যৰ সৃষ্টি হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।