মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »ঘৰত তুলসী গছ ৰাখিলেই সমাধান হ'ব এইসমূহ সমস্যা, পিছে ঘৰৰ তুলসী গছ শুকাই যোৱা মানেই অশুভ ইংগিত, জানি লওক সবিশেষ

ঘৰত তুলসী গছ ৰাখিলেই সমাধান হ'ব এইসমূহ সমস্যা, পিছে ঘৰৰ তুলসী গছ শুকাই যোৱা মানেই অশুভ ইংগিত, জানি লওক সবিশেষ

কেৱল দৰিদ্ৰতা দূৰ হোৱাই নহয়, তুলসী গছৰ গুৰিত শালগ্ৰাম শিল ৰাখিলে পাৰিবাৰিক অশান্তি দূৰ হয় বুলি বিশ্বাস কৰা হয়।

কেৱল দৰিদ্ৰতা দূৰ হোৱাই নহয়, তুলসী গছৰ গুৰিত শালগ্ৰাম শিল ৰাখিলে পাৰিবাৰিক অশান্তি দূৰ হয় বুলি বিশ্বাস কৰা হয়।

  • Share this:
যিকোনো সমস্যা সমাধানৰ বাবে ঘৰত তুলসী ৰোৱাৰ বিধান দিছে জ্যোতিষ শাস্ত্ৰই। আমাৰ ধৰ্মগ্ৰন্থ অনুসৰি, ঘৰত বিভিন্ন দুৰ্ঘটনা ৰোধ কৰাৰ লগতে বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ তুলসী এক ভাল প্ৰতিকাৰ হ'ব পাৰে। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবেও শুভ। ঘৰত তুলসী গছ থাকিলে মনলৈ শান্তি আহে, সুখী হয়।

কেৱল দৰিদ্ৰতা দূৰ হোৱাই নহয়, তুলসী গছৰ গুৰিত শালগ্ৰাম শিল ৰাখিলে পাৰিবাৰিক অশান্তি দূৰ হয় বুলি বিশ্বাস কৰা হয়। দাম্পত্য জীৱন সুখকৰ হয়। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰে। সকলোৱে স্বাস্থ্যও ভালে থাকে। কিন্তু শুকান তুলসী গছ কেতিয়াও ঘৰত ৰাখিব নালাগে। ই একেবাৰে অশুভ ইংগিত।

জ্যোতিষ শাস্ত্ৰৰ মতে, তুলসী গছ বুধ গ্ৰহৰ দোষৰ বাবে শুকাই যায়। এই বুধ গ্ৰহৰ কাৰণেই তুলসী গছত ফুল ফুলে। তুলসীয়ে সদায় ঘৰত ইতিবাচক শক্তি প্ৰদান কৰে।
বাস্তুশাস্ত্ৰ অনুসৰি, আপুনি যদি ঘৰত তুলসী লগাব বিচাৰে তেন্তে আপুনি আপোনাৰ ঘৰৰ উত্তৰ, উত্তৰ-পূব বা পূৰ্ব দিশত ৰোৱা উচিত। দক্ষিণ দিশত লগালে ই ভালৰ পৰিৱৰ্তে বেয়া ইংগিত হে বহন কৰে।

শাস্ত্ৰ মতে, প্ৰতি দেওবাৰ, একাদশী, সূৰ্য আৰু চন্দ্ৰগ্ৰহণত তুলসী গছত পানী দিয়া উচিত নহয়। সেইদৰে এই দিনত তুলসীৰ পাত চিঙাও উচিত নহয়। দেওবাৰৰ বাদে অন্য বাৰত তুলসী গছৰ তলত কেঁচা গাখীৰ আৰু এগছি ঘী বন্তি জ্বলালে ঘৰত সদায় লক্ষ্মীয়ে বাস কৰে। পাকঘৰৰ কাষত তুলসী ৰাখিব পাৰে। এনেকৰিলে আপোনাৰ ঘৰত পাৰিবাৰিক কন্দল নহয়।

শেহতীয়া বাতৰি