কেতিয়াবা মানুহৰ সাংসাৰিক জীৱনলৈ সমস্যা আহে। আৰ্থিক সমস্যাইয়ো কেতিয়াবা বিপদত পেলাই বহুজনক। টকা ভালদৰেই উপাৰ্জন কৰিছে কিন্তু জমা কৰিব পৰা নাই! এনেবোৰ সমস্যাৰ পৰা সকাহ পাবলৈ বহুতে বাস্তু শাস্ত্ৰ বা জ্যোতিষ শাস্ত্ৰৰ সহায় লোৱা দেখিবলৈ পোৱা যায়। বাস্তু শাস্ত্ৰ মতে যদি আপুনি বিত্তীয় সংকটত পৰিছে বা আপোনাৰ বৈবাহিক জীৱনত কোনো সমস্যা আছে, তেন্তে আপুনি ঘৰত এই বিশেষ বস্তু ৰাখি সকাহ পাব পাৰে। বাস্তু শাস্ত্ৰ (Vastu Tips) অনুসৰি, ঘৰত ৰূপালী ময়ূৰ (Silver Peacock) ৰাখিলে এনে যিকোনো সমস্যা সমাধান হয়।
![]()
বাস্তু শাস্ত্ৰই দাবী কৰে যে, ৰূপালী ময়ূৰ ঘৰত থাকিলে বিত্তীয় সংকট (Money Crisis) মোচনৰ ক্ষেত্ৰতো আচৰিত ধৰণে সহায় কৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে যি কোনো ৰূপালী ময়ূৰ হ'লেই নহ'ব, ই এক বিশেষ ধৰণৰ ময়ূৰৰ মূৰ্তি হ'ব লাগিব। বাস্তু শাস্ত্ৰত ৰূপালী ময়ূৰ দুই ধৰণে উপকাৰী বুলি গণ্য কৰা হয়। প্ৰথমতে, ৰূপ হৈছে এক অতি শুভ ধাতু (Auspicious Metal) আৰু দ্বিতীয়তে, হিন্দু শাস্ত্ৰ অনুসৰি ময়ূৰ বহুতো দেৱ-দেৱীৰ অতি প্ৰিয়। আৰু যেতিয়া এই দুয়োটা বস্তু একেলগে আহে ই ইতিবাচক ফলাফল দেখুৱায়।
কেৱল ইমানেই নহয়!
বাস্তুৱে কয় যে এই ময়ূৰ দম্পতীয়ে আপোনাৰ বিবাহিত জীৱনত প্ৰেম আৰু শান্তি আনিব। ৰূপক সুখ, শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। বিবাহিত মহিলাসকলে ৰূপালী ময়ূৰেৰে নিৰ্মিত বাটি এটাত সেন্দূৰ ৰখাটো শুভ। এইটো বিশ্বাস কৰা হয় যে এইটো অতি শুভ। জ্যোতিষ আৰু বাস্তু শাস্ত্ৰ অনুসৰি ৰূপালী ময়ূৰে নেতিবাচকতা আঁতৰ কৰে।Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|