দূৰ হ'ব আপোনাৰ অৰ্থ সংকট, আহিব সুখ-সমৃদ্ধি! ৰোপণ কৰক এইসমূহ গছ আৰু প্ৰমাণ চাওক

এই উদ্ভিদসমূহ ঘৰত ৰোপণ কৰি ঘৰলৈ সুখ সমৃদ্ধিৰ অনাৰ লগতে সম্পত্তিৰ অধিকাৰী হওক ।
এই উদ্ভিদসমূহ ঘৰত ৰোপণ কৰি ঘৰলৈ সুখ সমৃদ্ধিৰ অনাৰ লগতে সম্পত্তিৰ অধিকাৰী হওক ।
- News18 Assam
- Last Updated: February 20, 2021, 4:35 PM IST
বাস্তু শাস্ত্ৰই আমাক দিশ নিৰ্ণয়ত সহায় কৰে। আমাৰ সুখ-সমৃদ্ধি লাভৰ পথ দেখুৱায়। সেই বাস্তু শাস্ত্ৰৰ মতেই ঘৰত কিছুমান উদ্ভিদ ৰোপণ কৰাটোও শুভ বুলি গণ্য কৰা হয়। গছ ৰোপণে আমাৰ বিকাশত সহায় কৰে আৰু জীৱনলৈ সুখ আনে। এই উদ্ভিদবোৰে ঘৰৰ ঋণাত্মক শক্তিও আঁতৰ কৰে। এই উদ্ভিদৰ প্ৰভাৱে উপাৰ্জন বৃদ্ধি কৰে আৰু ঘৰলৈ সুখ আৰু সমৃদ্ধি আনে । জানো হওক তেনে উদ্ভিদৰ বিষয়ে -
ঘৰত হালধী ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়। ই অতি গুণী। ইয়াক আপোনাৰ ঘৰত ৰোপণ কৰিব লাগিব। ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰ হ'ব।
বগা মদাৰ গছো শুভ বুলি গণ্য কৰা হয়। এই গছ ঘৰৰ বাগিচাত ৰোপণ কৰাটোৱে ঘৰলৈ ধনৰ আগমন আৰু মাতৃ লক্ষ্মীৰ আশীৰ্বাদ কঢ়িয়ায়। দম্পতীৰ মাজত প্ৰেম বৃদ্ধি হয়। ই শত্ৰুৰ পদক্ষেপ বিফল কৰে আৰু তেওঁলোকক পৰাস্ত কৰে ।
তুলসীক হিন্দু ধৰ্মৰ এক অতি শুভ আৰু পবিত্ৰ উদ্ভিদ বুলি গণ্য কৰা হয়। ইয়াক উপাসনা কৰাৰ ৰীতিও আছে। বহু লোকে ইয়াক ঘৰৰ মুখ্যদ্বাৰত ৰাখে। এই উদ্ভিদ বিধে ঘৰলৈ ইতিবাচক মনোভাব আনে। যদি উত্তৰ-পূব দিশত তুলসী গছ ৰোপণ কৰা হয় তেতিয়া ঘৰত ধনৰ অভাৱ নহয় ।
আমলখি গছক ভগৱান ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ বাসস্থান বুলি গণ্য কৰা হয়। এই গছ ৰোপণ কৰিলে পাপ-দোষ খণ্ডন হয় বুলিও বিশ্বাস কৰা হয় লগতে মনোবাঞ্চাও পূৰণ হয়।
প্ৰতিগৰাকী লোকেই ঘৰত নাৰিকল গছ ৰোপণ কৰিব লাগে। ই সন্মান বৃদ্ধি কৰে আৰু সুখ আনে।
এনেদৰেই এই উদ্ভিদসমূহ ঘৰত ৰোপণ কৰি ঘৰলৈ সুখ সমৃদ্ধিৰ অনাৰ লগতে সম্পত্তিৰ অধিকাৰী হওক ।