অধিক পৰিমাণে ধন ঘটিবলৈ, সুখৰ জীৱন কটাবলৈ কোনে নিবিচাৰে! কেতিয়াবা বহু চেষ্টা কৰিও বিফল হয় বহুজন। ইয়াৰ আঁৰত কিছুমান কাৰণো আছে, যাক আমি সাধাৰণতে গুৰুত্বই নিদিও। বাস্তু শাস্ত্ৰই বহুতো কথা উল্লেখ কৰিছে। অৰ্থনৈতিক স্থিতি, সফলতাত হেঙাৰ হিচাপে থিয় দিব পাৰে এইসমূহ কাৰণে। আৰ্থিক স্থিতিত বেয়া প্ৰভাৱ পেলাই এইবোৰ ভুলে!
পূজাঘৰত ভগৱানৰ মুখামুখীকৈ থোৱা মূৰ্তি, ফটোঃ
বাস্তু শাস্ত্ৰৰ মতে, ঘৰৰ উপাসনা গৃহত দেৱ-দেৱীৰ মূৰ্তি বা ফটো মুখামুখি কৈ ৰখাটোৱে ঘৰখনত যথেষ্ট বিভেদৰ সৃষ্টি কৰে। একে সময়তে বহুতো নেতিবাচকতা আনে। এই ভুল পৰিহাৰ কৰক।
বিচনাত বহি ভাত খোৱাঃ
বাস্তু শাস্ত্ৰত, বিচনাত বহি খাদ্য একেবাৰেই খাব নালাগে। এনে কৰিলে জীৱনত বিভিন্ন ধৰণৰ সমস্যা আহে। এই ভুলটোৱে অৰ্থনৈতিক পৰিস্থিতি আৰু স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। ধনৰ লোকচান হয়, ঋণ হয়।