চাহৰ পৃথিৱীত এৰ'মিকাৰ চমক: ঢেকী চাহ খাব নে চুঙা চাহ? এৰ'মিকাৰ মেনু আৰু আপোনাৰ পচন্দ

ব্লু টীৰে চাহৰ জগতত খলকনি তোলা এৰ'মিকা টীয়ে আন এক চমক দিছে এইবাৰ চাহৰ জগতত

News18-Assam
Updated:August 12, 2019, 2:58 PM IST
চাহৰ পৃথিৱীত এৰ'মিকাৰ চমক: ঢেকী চাহ খাব নে চুঙা চাহ? এৰ'মিকাৰ মেনু আৰু আপোনাৰ পচন্দ
ব্লু টীৰে চাহৰ জগতত খলকনি তোলা এৰ'মিকা টীয়ে আন এক চমক দিছে এইবাৰ চাহৰ জগতত
News18-Assam
Updated: August 12, 2019, 2:58 PM IST
ৰাজু বৰুৱা: ব্লু টীৰে চাহৰ জগতত খলকনি তোলা এৰ'মিকা টীয়ে আন এক চমক দিছে এইবাৰ চাহৰ জগতত ৷ গুৱাহাটীৰ বিপণন ক্ষেত্ৰত এৰ'মিকাই আৰম্ভ কৰিছে চাহৰ বিপণী— Just Tea. পঞ্চাশ বিধ ভিন্ন ৰকমৰ চাহৰে সোমবাৰে আত্মপ্ৰকাশ কৰিছে জাষ্ট ইন চাহৰ বিপনীখনে ৷ টেকেলী চাহ,টণ্ডুৰী চাহ, বান বাটী চাহ,ঢেকী চাহ, চক'লেট চাহ,চুঙা চাহকে ধৰি সৰ্বমুঠ পঞ্চাশ বিধ চাহ উপলব্ধ জাষ্ট টী নামৰ চাহৰ বিপণীখনত ৷



সম্পুৰ্ণ থলুৱা ভাৱে ক্ষুদ্ৰ চাহ খেতিয়কে কৰা ভিন্ন ৰকমৰ চাহ মাটিৰ পাত্ৰত পৰিৱেশন কৰিব এৰ'মিকাই ৷ ব্লু টী, ভোট জলকীয়া চাহ, বৈদিক চাহ, ব্লুমিং টী, ঢেকীত খুন্দা চাহৰ সোৱাদ দিবলৈ এৰ'মিকাই সজাই পৰাই তুলিছে নতুন বিপণীখন ৷



নেমু,চেৰী দি প্ৰস্তুত কৰা ICED TEA আন এক আকৰ্ষণ হ'ব বিপণী খনৰ ৷ এক সুন্দৰ পৰিৱেশত বহি ২০টকাত টেকেলী চাহ, ৪০টকাত টণ্ডুৰী চাহ, ৪০টকাত চুঙা চাহ, ১৫টকাত ঢেকী চাহ, ২৫টকাত বান বাটী চাহৰ সোৱাদ ল'ব পাৰিব চাহ ৰসিকে ৷ "ক্ষুদ্ৰ চাহ খেতিয়ক, মৃৎ শিল্পীক উৎসাহিত কৰাৰ লগতে অসমৰ মানুহক উৎকৃষ্ট মানৰ চাহ খুৱাবলৈ আমি সাজু হৈছো ৷ চাহ ৰসিকে চাহৰ সোৱাদৰ লগতে যাতে আড্ডাও মাৰিব পাৰে তেনে এক পৰিৱেশ গঢ়াৰে চেষ্টা কৰিছো ৷ BUILD RELATIONSHIP WITH A CUP OF TEA...." এমোকোৰা হাঁহিৰে এৰ'মিকাৰ সঞ্চালক ৰঞ্জিত বৰুৱাই আহ্বান জনালে সকলোকে ৷
আৰু চাওক পৰৱৰ্তী বাতৰি