অসমৰ নিবনুৱাৰ বাবে ভাল খবৰ, বহু বিভাগত পদ খালী, আজিয়েই কৰক Apply

News18-Assam
Updated:November 25, 2019, 3:45 PM IST
অসমৰ নিবনুৱাৰ বাবে ভাল খবৰ, বহু বিভাগত পদ খালী, আজিয়েই কৰক Apply
আজিয়েই কৰক Apply

আজিয়েই কৰক Apply

  • Share this:
চাকৰি বিচাৰি আছে নেকি? চৰকাৰী,বে–চৰকাৰী বহু কেইটা প্ৰতিষ্ঠানত খালী হৈছে বিভিন্ন পদ। আজিয়েই কৰক Apply।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যন অসমত খালী হৈছে ১৬টাকৈ ড্ৰাগ ইন্সপেক্টৰৰ পদ

আবেদনৰ অন্তিম তাৰিখ– ৬ ডিচেম্বৰ।

শিক্ষাগত অৰ্হতা– প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা ফাৰ্মেচি/ফাৰ্মেচিউটিকেল ছায়েন্স অথবা ক্লিনিকিলে ফাৰ্মাক’ল’জি/মাইক্ৰ’বায়’লজিক বিশেষ হিচাপে লৈ মেডিচিনৰ ডিগ্ৰীধাৰী হ’ব লাগিব।

অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন।

চেণ্ট্ৰেল কাউঞ্চিল ফ’ৰ ৰিচাৰ্ছ ইন আয়ুৰৱেদিক চাইন্সত ৬৬ টা পদ খালী

আপাৰ ডিভিজন ক্লাৰ্ক– ১৪ টা পদ, ল’ৱাৰ ডিভিজন ক্লাৰ্ক– ৫২ টা পদ।

শিক্ষাগত অৰ্হতা– নূন্যতম উচ্চতৰ মাধ্যমিক।

আবেদনৰ অন্তিম তাৰিখ– ১৯ ডিচেম্বৰ।

অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন।

অসম লোকসেৱা আয়োগত ৪৬৩ টা পদ খালী

সহকাৰী অভিযন্তা(চিভিল)– ১৫৬ টা পদ,  কনিষ্ঠ অভিযন্তা(চিভিল)– ৩০৭ টা পদ।

আবেদনৰ অন্তিম তাৰিখ– ২১ ডিচেম্বৰ।

অফলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন।

শিক্ষাগত অৰ্হতা– চিভিল ইঞ্জিনিয়েৰিং বিষয়ত স্নাতক(সহকাৰী অভিযন্তা), চিভিল ইঞ্জিনিয়েৰিং তিনি বছৰীয়া ডিপ্লমা(কনিষ্ঠ অভিযন্তা)।

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দুটাকৈ কনিষ্ঠ সহায়ক পদ খালী

শিক্ষাগত অৰ্হতা– স্নাতক উত্তীৰ্ণ, লগতে নূন্যতম ছমহীয়া কম্পিউটাৰ ডিপ্লমা।

আবেদনৰ অন্তিম তাৰিখ– ৪ ডিচেম্বৰ।

অফলাইনৰ জৰিয়তে আবেদন।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি