আপুনি যদি চাৰিচকীয়া গাড়ী চলায় বা আপোনাৰ যদি গাড়ী আছে তেন্তে আপোনাৰ গাড়ীৰ ডেশ্বব’ৰ্ডত ত্ৰিভূজ আকৃতিৰ ছুইচ এটা নিশ্চয় দেখিছে। আপুনি চাগে এই চুইচটো ব্যৱহাৰো কৰিছে। কিন্তু আপুনি জানেনে এই চুইচটো কিহৰ বাবে ব্যৱহাৰ কৰা হয়? সাধাৰণতে আমি দেখো যে এই চুইচটো গাড়ীখন পোনে পোনে যাবলৈ সংকেত হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু এই চুইচটো সেইবাবে দিয়া হৈছে জানো? কিমানে জানে এই বিষয়ে?
গাড়ীৰ ডেশ্বব’ৰ্ডত থকা এই ছুইচটোক হাজাৰ্ড লাইট (Hazard Light) বুলি কোৱা হয়। এই ছুইচটো টিপিলে গাড়ীখনৰ চাৰিওটা সংকেত লাইট জ্বলি উঠে। সাধাৰণতে যদিও আমি এই লাইট পোনে পোনে যাবলৈ সংকেত হিচাপে ব্যৱহাৰ কৰো, কিন্তু প্ৰকৃততে এই ছুইচটো এই কামৰ বাবে দিয়া হোৱা নাই।
হাজাৰ্ড লাইট জ্বলালে অৰ্থ হৈছে গাড়ীখন কোনো সমস্যাত পৰিছে। হাজাৰ্ড লাইট তেতিয়াহে জ্বলাব লাগে যেতিয়া বাহনখন পথৰ কাষত ৰখা থোৱা হয় বা বিপজ্জনক স্থিতিত থাকে। অৰ্থাৎ বিপদৰ সময়তহে হাজাৰ্ড লাইট জ্বলোৱা উচিত। আপোনাৰ বাহনখন যেতিয়া পথৰ কাষত ৰখোৱা থাকে তেতিয়া আন বাহনৰ চালকক সতৰ্ক কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ বাহনখন স্থিৰ হৈ থাকে তেতিয়া আন পথ ব্যৱহাৰকাৰীসকলক সতৰ্ক কৰিবলৈ এই লাইট ব্যৱহাৰ কৰিব পাৰে।
যেতিয়া আপোনাৰ বাহনখন বিকল হয় আৰু পথৰ দাঁতিত ৰখাবলগীয়া হয় তেতিয়া এই লাইট জ্বলোৱা হয়। অৱশ্যে বহু লোকে এই লাইট পোনে পোনে যাবলৈ সংকেত হিচাপে ব্যৱহাৰ কৰে। যদি আপুনি হঠাতে বিপজ্জনক স্থিতিত ৰয় তেন্তে এই লাইটবোৰ অন কৰিব লাগে যাতে আন বাহনসমূহ সতৰ্ক হ’ব পাৰে। হাজাৰ্ড লাইট এক ভিজুৱেল ৰিমাইণ্ডাৰ হিচাপে ব্যৱহাৰ কৰা হয় যে আপোনাৰ বাহনখন সাময়িকভাৱে বিপদত পৰিছে।
মুখ্যতঃ হাজাৰ্ড লাইট কেতিয়া ব্যৱহাৰ কৰা হয় (Use of Hazard Light)
১. যেতিয়া আপোনাৰ বাহনখন দুৰ্ঘটনাত পতিত হয়
২. আপোনাৰ গাড়ীখন যেতিয়া ভাঙি যায়
৩. আপুনি যেতিয়া গাড়ীৰ টায়াৰ সলনি কৰি থাকে
৪. আপুনি এটা অন্ত্যেষ্টিক্ৰিয়া শোভাযাত্ৰাত গাড়ী চলাই আছে
৫. ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ওলাই যাবলৈ গতি মন্থৰ কৰাৰ সময়ত
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 06, 2023, 17:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।