Googleৰ এই এপটোৰে বুক কৰক ৰে’লৰ টিকট, নালাগিব এক্সট্ৰা চাৰ্জ

ইণ্ডিয়ান ৰে’লৱে কেটৰিং এণ্ড টুৰিজম কৰপ’ৰেচন(IRCTC)ৰ সেৱা উপলব্ধ হ’ব এণ্ডড্ৰয়ড আৰু iOS ব্যৱহাৰকাৰীসকলৰ বাবে আৰু ট্ৰেইন ছেকচনত গৈ টিকট বুকিং কৰিব পাৰিব।

news18assam
Updated:June 11, 2019, 5:43 PM IST
Googleৰ এই এপটোৰে বুক কৰক ৰে’লৰ টিকট, নালাগিব এক্সট্ৰা চাৰ্জ
ইণ্ডিয়ান ৰে’লৱে কেটৰিং এণ্ড টুৰিজম কৰপ’ৰেচন(IRCTC)ৰ সেৱা উপলব্ধ হ’ব এণ্ডড্ৰয়ড আৰু iOS ব্যৱহাৰকাৰীসকলৰ বাবে আৰু ট্ৰেইন ছেকচনত গৈ টিকট বুকিং কৰিব পাৰিব।
news18assam
Updated: June 11, 2019, 5:43 PM IST
সাধাৰণতে ৰে’লৰ টিকট বুকিং কৰিবলৈ বহু বিকল্প আছে কিন্তু গুগুলৰ UPI এপ Google Payৰ জৰিয়তে ৰে’লৰ টিকট বুকিং কৰিবলৈ যথেষ্ট সহজ হোৱাৰ লগতে সুবিধাজনকো। আনহাতে, এই এপটোৰে টকা স্থানান্তৰ কৰাৰ লগতে বিল পৰিশোধ কৰিব পাৰিব।

ইণ্ডিয়ান ৰে’লৱে কেটৰিং এণ্ড টুৰিজম কৰপ’ৰেচন(IRCTC)ৰ সেৱা উপলব্ধ হ’ব এণ্ডড্ৰয়ড আৰু iOS ব্যৱহাৰকাৰীসকলৰ বাবে আৰু ট্ৰেইন ছেকচনত গৈ টিকট বুকিং কৰিব পাৰিব। এই ছেকচন বিজনেচ ছেকচনৰ ভিতৰত উপলব্ধ হ’ব। Google Payৰ জৰিয়তে এনেদৰে বুকিং কৰক ৰে’লৰ টিকট।

>> এপ ষ্টোৰৰ পৰা Google Pay এপ ডাউনলোড কৰক আৰু বিজনেছ ছেকচনত গৈ Trainsত টেপ কৰক।

>> ইয়াৰ পিছত Book Train Tickets অপচনত ক্লিক কৰক।
>> ইয়াৰ পিছত আপুনি ডেষ্টিনেচন আৰু যাত্ৰাৰ তাৰিখ আৰু টিকট বাচনি কৰক।
>> এইখিনি কৰিলে আপুনি যাবলগীয়া স্থানৰ ৰে’ল দেখা পাব। ইয়াৰ দ্বাৰা চীট কিমান উপলব্ধ আছে চাব পাৰিব।
>> ইয়াৰ পিছত যিখন ৰে’লৰ টিকট খালী আছে সেয়া নিৰ্বাচন কৰক।

>> এইখিনি কৰাৰ পিছত আপুনি নিজৰ IRCTC ইউজাৰ আইডি আৰু পাছৱৰ্ড টাইপ কৰি যাত্ৰীৰ নাম ফিড কৰক। তাৰ পিছত Continueত টেপ কৰক।
>> পেমেণ্ট মেথড ছিলেক্ট কৰক আৰু প্ৰছিডত টেপ কৰক আৰু UPI PIN দিয়ক।
>> এইখিনি কৰাৰ পিছত আপুনি IRCTC পাছৱৰ্ড আৰু Captcha দিব লাগিব আৰু তাৰ পিছত Submit বাটন ক্লিক কৰক।
>> ইয়াৰ পিছত আপোনাৰ টিকট বুকিং হৈ যাব আৰু আপুনি স্ক্ৰীণত সকলোখিনি তথ্য লাভ কৰিব।

Cancellয়ো কৰিব পাৰিব টিকট
ব্যৱহাৰকাৰীয়ে গুগল পে এপৰ জৰিয়তে ট্ৰেইন ছাৰ্জ, বুকিং কৰাৰ লগতে বাতিলো কৰিব পাৰিব। ইয়াৰোপৰি সহজতে ছীট উপলব্ধ, ভ্ৰমণৰ সময়কাল, ট্ৰেভেলৰ সময়ৰ বিষয়েও এপৰ জৰিয়তে লাভ কৰিব পাৰিব। টিকট বুকিং ফীচৰ এক্সছেছ কৰিবলৈ ব্যৱহাৰকাৰীৰ থাকিব লাগিব IRCTC একাউণ্ট। এই এপৰ জৰিয়তে টিকট বুকিং কৰিলে এক্সট্ৰা চাৰ্জো ভৰিব নালাগে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি