
মানুহে ক’লে আপুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট চুৰি কৰিছে।
মানুহে ক’লে আপুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট চুৰি কৰিছে।
- News18
- Last Updated :
শ্বাবানা আজমীৰ দুৰ্ঘটনাৰ পিছতে ছবিজগতৰ বহুতো তাৰকাই তেওঁ সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে। ইয়াৰ এগৰাকী হৈছে উৰ্বশী ৰাউতেলা, টুইটাৰত অভিনেত্ৰীগৰাকীয়ে লিখে–শ্বাবানা আজমীৰ দুৰ্ঘটনাৰ খবৰ চিন্তাজনক। মই তেওঁ সোনকালে সুস্থা হৈ উঠাৰ প্ৰাৰ্থনা কৰিছো। তেওঁ ইংৰাজীত লিখে।
কিন্তু উৰ্বশী ৰাউতেলাৰ এই টুইট বহুতেই বৰ এটা ভাল নাপালে। আৰম্ভ হৈ গ’ল ট্ৰ’ল কৰা। মানুহে ক’লে কাট, কপি , পেষ্ট কৰিছে দেখোন। অৰ্থাৎ উৰ্বশীয়ে এইটো মেচেজ আনৰ পৰা হুবুহু উঠাইছে।
দৰাচলতে অভিনেত্ৰীগৰাকীয়ে শ্বাবানা আজমী সুস্থ হৈ উঠিবলৈ যিটো টুইট কৰিছিল সেইটো হুবুহু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটৰ সৈতে একে আছিল। মানুহে অভিযোগ কৰে যে তেওঁ প্ৰধানমন্ত্ৰীক একো নোচোৱাকৈ নকল কৰি মেচেজটু টুইট কৰিছে।
অভিনেত্ৰী শ্বাবানা আজমীৰ অৱস্থা বৰ্তমান সুস্থিৰ
মহাৰাষ্ট্ৰৰ ৰায়গঢ় জিলাৰ মুম্বাই–পুণে এক্সপ্ৰেছত শণিবাৰে দুপৰীয়া হোৱা এক পথ দুৰ্ঘটনাত অভিনেত্ৰী শ্বাবানা আজমী আঘাতপ্ৰাপ্ত হৈছিল। শ্বাবানা আজমীক মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ। ৰায়গঢ় আৰক্ষীয়ে জনোৱা মতে শ্বাবানা আজমীয়ে তেওঁৰ স্বামী জাভেদ আখতাৰৰ সৈতে যাত্ৰা কৰি আছিল। তেওঁ বিশেষ আঘাত পোৱা নাই যদিও গাড়ী চালকে সামান্য আঘাত পাইছে। শ্বাবানাক প্ৰথমে নৱী মুম্বাইৰ এমজিএম হাস্পতাললৈ নিয়া হৈছিল। তাৰপৰা তেওঁক মুম্বাইৰ অন্ধেৰীস্থিত কোকিলাবেন আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হয়।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|