UPSC Topper ৰ পৰা জানক কিদৰে চলাব অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি

News18-Assam
Updated:July 22, 2019, 10:47 AM IST
UPSC Topper ৰ পৰা জানক কিদৰে চলাব অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি
২০ চেপ্তেম্ৱৰৰ পৰা আৰম্ভ হ’ব UPSC mains ৰ পৰীক্ষা। পৰীক্ষাৰ আগমুহূৰ্তত UPSC Topper ৰ পৰা জানক কিদৰে mains ৰ পৰীক্ষাৰ বাবে কিদৰে চলাব প্ৰস্তুতি।

২০ চেপ্তেম্ৱৰৰ পৰা আৰম্ভ হ’ব UPSC mains ৰ পৰীক্ষা। পৰীক্ষাৰ আগমুহূৰ্তত UPSC Topper ৰ পৰা জানক কিদৰে mains ৰ পৰীক্ষাৰ বাবে কিদৰে চলাব প্ৰস্তুতি।

  • Share this:
UPSC ৰ mainsৰ পৰীক্ষালৈ আৰু বেছি দিন নাই। অহা ২০ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব পৰীক্ষা। যিসকল শিক্ষাৰ্থীয়ে প্ৰাৰম্ভিক পৰীক্ষাত কৃতকাৰ্য হৈছে,তেওঁলোকে এতিয়া Mains ৰ বাবে চলাইছে পূৰ্ণগতিত প্ৰস্তুতি। পৰীক্ষালৈ ২ মাহ থকাৰ আগমূহূৰ্তত কিদৰে চলাব লাগে প্ৰস্তুতি, সেই কথা উল্লেখ কৰিছে ২০১৮ বৰ্ষৰ UPSC পৰীক্ষাত ৩৩৭ নং স্থান লাভ কৰা ৰবি কুমাৰ সিহাগে। সংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিক্ষাৰ্থী সকলক উদ্দেশ্যি বিভিন্ন টিপচ দিয়ে ৰবি কুমাৰ সিহাগে।

–কিদৰে লিখিব লাগে প্ৰশ্নৰ উত্তৰ?

ৰবি– প্ৰশ্নৰ উত্তৰ সমূহ লিখাৰ আগত কেইটামান কথা মনত ৰখা অত্যন্ত জৰুৰী। প্ৰথমে উত্তৰ লিখাৰ সময়ত বিষয়টোৰ ভুমিকা আৰু সামৰণি লিখাটো প্ৰয়োজনীয়। কোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ লিখোতে ভুমিকা আৰু সামৰণি লিখিলে পৰীক্ষকে বহীখন চোৱাত সুবিধা হয়। ইয়াৰ উপৰিও উত্তৰ লিখাৰ সময়ত সদায় চাবহেড দি লিখিলে বিশেষ সফলতা লাভ কৰিব পাৰি। চাবহেড নিদি যদি কেৱল পেৰাগ্ৰাফত লিখা যায়,তেন্তে পৰীক্ষকে বহী নিৰিক্ষণ কৰাত কেতিয়াবা অসুবিধাত। গতিকে এই কেইটা বিষয় মনত ৰখাটো জৰুৰী।

–পৰীক্ষাৰ বাবে কিদৰে Notes প্ৰস্তুত কৰিব লাগে?

ৰবি– পঢ়াৰ সময়তো বিশেষ কিছুমান কথা মনত ৰখাটো জৰুৰী। কি কি কিতাপ পঢ়িব লাগে, এটা বিষয়বস্তুৰ সম্পূৰ্ণ কনচেপ্ট ল’বৰ বাবে আপুনি কোনো এখন বা অন্য লিখকৰো কিতাপৰ সহায় ল’ব পাৰে। কিন্তু এই ক্ষেত্ৰত মনত ৰখাটো প্ৰয়োজন যে আপুনি কিদৰে বিষয়টোৰ ওপৰত Notes প্ৰস্তত কৰিব? নিজে পঢ়াত কেতিয়াও জটিলতাৰ সন্মুখীন হোৱা Notes প্ৰস্তুত কৰিব নালাগে। Notes  সদায় সৰল ভাষাৰ হ’ব লাগে।

–NCERT  ৰ কিতাপ পঢ়িব লাগে নে ‘Standard’ কিতাপ?

ৰবি– NCERT ৰ কিতাপ পঢ়াতো জৰুৰী। ‘Standard’ কিতাপক কেতিয়াবা Reference হিচাপে লোৱাতোহে বেছি ফলপ্ৰসূ বুলি মই বিশ্বাস  কৰো।

–প্ৰস্তুতি চলাই থকাৰ সময়ত মানসিক চাপ কিদৰে নাইকীয়া কৰিব লাগে?

ৰবি– পৰীক্ষালৈ প্ৰস্তুতি কৰি থকাৰ সময়ত কেতিয়াও ঋণাত্মক চিন্তা মনলৈ আনিব নালাগে। আজৰি সময়তো সদায় মনক আনন্দ দিয়া কথা হে চিন্তা কৰিব লাগে। বন্ধুৰ সৈতেও কিছু সময় কটাব লাগে।

 

–শেষ মুহূৰ্তত কিদৰে চলাব লাগে প্ৰস্তুতি?

ৰবি– পৰীক্ষাৰ আগমুহূৰ্তত বিষয়বস্তুৰ কিছু অংশ পাহৰি যোৱাতো স্বাভাৱিক। গতিকে পৰীক্ষাৰ আগমুহূৰ্তত ৰিভিজন কৰাতো খুৱেই জৰুৰী। মই সপ্তাহটোত কি কি পঢ়িলো,প্ৰত্যেক শণিবাৰ আৰু দেওবাৰে ৰিভিজন কৰিছিলো।

 
First published: July 22, 2019, 10:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading