নৱজ্যোতি মহন্তঃ এজন ঠেলাচালকৰ অমৰ প্ৰেম কাহিনী ৷ নিজৰ অনুপস্থিতিতো যাতে পত্নীয়ে কোনোদিন কষ্ট সহিবলগীয়া নহয় সেই কথা সদায়েই চিন্তা কৰিছিল ঠেলাচালক গৰাকীয়ে।নাম দেৱেন শৰ্মা। নিতৌ " কদম " নামৰ ঠেলাখনলৈ ৰাতিপুৱা গা ধুই ধুপ -ধুনা দি ওলায় যায় এটা ভাড়াৰ সন্ধানত ৷
এবেলা খালে আন বেলালৈ চিন্তা কৰা পৰিয়ালটোৰ নাছিল কোনো বেংক একাউণ্ট। কিন্তু সদায়েই তেওঁৰ অৱৰ্তমানতো যাতে পত্নীয়ে কষ্ট ভোগ কৰিবলগীয়া নহয় তাৰ বাবে পত্নীৰ অজ্ঞাতে বিড়ি , চাদাৰ পেকেটত গোপনে সাঁচি থৈছিল বহু হেজাৰ টকা।এই কথা পোহৰলৈ আহিল ঠেলা চালক দেবেন শৰ্মাৰ মৃত্যুত।
![]()
পৰিয়াল বুলিবলৈ দুই বুঢ়া -বুঢ়ী। এজনী কন্যা সন্তান আছে যদিও ৭ বছৰ আগতে বিয়া দি দুয়ো আজৰি। নিজ ডাঁহী বনিয়াপাৰাৰ সকলোৰে চিনাকী এটা নাম আছিল ঠেলাচালক দেবেন শৰ্মা । জীৱনৰ শেষ দিনটোলৈ দেবেন শৰ্মাই ঠেলা চলাই ৰাইজৰ সেৱা কৰি গল । গাঁওৰ ঠেলা চালক গতিকে ঠেলা চলোৱাৰ বিনিময়ত পায় সামান্য ধন।
![]()
আৰু সেই টকাৰে প্ৰতিদিনে নিজৰ পৰিয়াল পোহ পাল দিয়াৰ লগতে এনেদৰে নিজ পত্নীলৈ এটকা দুটকাকৈ নিজৰ কষ্টৰ ধন সাচি ইমান খিনি ধন সঞ্চয় কৰি দেখুৱালে ভালপোৱা এক অনন্য নিদৰ্শন।আজলী পত্নীয়ে আজি তেখেতে বান্ধি বান্ধি কাগজৰ কাৰ্টুনত থৈ দিয়া বিড়ি চাদাৰ পেকেটৰ পৰা উদ্ধাৰ কৰে প্ৰায় ৫১ হাজাৰ ৮০০ শ ১০ টকা। এই কাৰ্য দেখি হতবাক গাঁৱৰ মানুহ ।
![]()
এটা IAY ঘৰত বাস কৰা দেবেন শৰ্মাৰ মৰম পত্নী এতিয়া অকলশৰীয়া।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|