'প্লাষ্টিক' মাচুল হিচাপে লোৱা মহানগৰীৰ এখন ব্যতিক্ৰমী বিদ্যালয়, প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিবলৈ শিক্ষাৰ্থীক দিছে পৰিৱেশ সচেতনতাৰ পাঠ

২০১৬চনত প্ৰতিষ্ঠা হোৱা মহানগৰীৰ পামহীৰ ‘অক্ষৰ’ নামৰ বিদ্যালয়খনে ছাত্ৰ–ছাত্ৰীক বিনামূলীয়া শিক্ষাদান প্ৰদান কৰাৰ লগতে প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতাৰ বিৰুদ্ধে সজাগ কৰি তুলিছে।

news18assam
Updated:May 7, 2019, 6:55 PM IST
'প্লাষ্টিক' মাচুল হিচাপে লোৱা মহানগৰীৰ এখন ব্যতিক্ৰমী বিদ্যালয়, প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিবলৈ শিক্ষাৰ্থীক দিছে পৰিৱেশ সচেতনতাৰ পাঠ
২০১৬চনত প্ৰতিষ্ঠা হোৱা মহানগৰীৰ পামহীৰ ‘অক্ষৰ’ নামৰ বিদ্যালয়খনে ছাত্ৰ–ছাত্ৰীক বিনামূলীয়া শিক্ষাদান প্ৰদান কৰাৰ লগতে প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতাৰ বিৰুদ্ধে সজাগ কৰি তুলিছে।
news18assam
Updated: May 7, 2019, 6:55 PM IST
প্লাষ্টিকৰ ভয়াৱহ প্ৰদূষণৰ কৱলত সমগ্ৰ বিশ্ব আৰু ইয়াৰ মাজতে চৰ্চিত হৈছে মহানগৰীৰ এখন বিশেষ বিদ্যালয়। ছাত্ৰ–ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰা এই বিদ্যালয়খনে দৈনিক মাচুল হিচাপে গ্ৰহণ কৰে ছাত্ৰ–ছাত্ৰীয়ে সংগ্ৰহ কৰি অনা পেলনীয়া প্লাষ্টিক। বেচৰকাৰী বিদ্যালয়খনে শিক্ষাৰ্থীক ইউনিফৰ্মৰ পৰা কিতাপ–বহী, বেগলৈ সকলো বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে। সমাজৰ প্ৰতি স্তৰৰ শিক্ষাৰ্থীৰ বাবে বিদ্যালয়খৰ দুৱাৰ মুকলি কেৱল  ইয়াত নামভৰ্তিৰ বাবে আছে দুটা চৰ্ত। প্ৰতিজন শিক্ষাৰ্থীয়ে পাঠ কৰিব লাগে দুটা শপত বাক্য। প্ৰথম বিদ্যালয়লৈ অহাৰ সময়ত আনিব লাগিব পেলনীয়া প্লাষ্টিক আৰু দ্বিতীয়তে ঘৰ তথা ৰাজহুৱা স্থানত কেতিয়াও প্লাষ্টিত পুৰি প্ৰদূষণ বিয়পোৱাৰ পৰা বিৰত থাকিব লাগিব।

শিক্ষাৰ্থীসকলে অনা পেলনীয়া প্লাষ্টিকেৰে ইয়াৰ পিছত নিৰ্মাণ কৰা হয় একো একোচপৰা বিশেষ ইটা আৰু এই ইটাসমূহ লগ লগাই তৈয়াৰ কৰা হৈছে সৰু সৰু দেৱাল।

পেলনীয়া প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ শিকাইছে বিদ্যালয়খনে।


প্ৰথম আৰু নৱম শ্ৰেণী পৰ্যন্ত শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীক শিক্ষাদান কৰা এই বিদ্যালয়খনত বৰ্তমান আছে ১০০গৰাকী শিক্ষাৰ্থী আৰু ৭জন শিক্ষক। নিয়মীয়া পাঠদানৰ লগতে দক্ষতা বিকাশত বিশেষ গুৰুত্ব দি আহিছে বিদ্যালয়খনে।

বিদ্যালয়খন নিৰ্মাণ কৰা হৈছে বাঁহ আৰু খেৰেৰে। ইয়ালৈ দৈনিক হাতে হাতে প্লাষ্টিকৰ টোপোলা লৈ আহে শিক্ষাৰ্থীয়ে।


পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰদান কৰা বিদ্যালয়খনৰ ভৱনটো নিৰ্মাণ কৰা হৈছে বাঁহ আৰু খেৰেৰে।

সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি ২০১৬চনত স্থাপন কৰা এই বিদ্যালয়খনৰ আঁৰত আছে এক দম্পতি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা শিক্ষা গ্ৰহণ কৰি অহা মাজিন মুখতাৰ আৰু টাটা ইন্সষ্টিটিউট অৱ ছচিয়েল চায়েন্সৰ ছাত্ৰী পাৰমিতা শৰ্মাই বিশেষ উদ্যেশ্যৰে এই বিদ্যালয়খন আৰম্ভ কৰে।

প্ৰতিষ্ঠাপকৰ মতে তেওঁলোকে যেতিয়া স্থানীয় একাংশ লোকে প্লাষ্টিকৰ জাৱৰ জ্বলাই শীতকালত উম লৈ থকা দেখিছিল তেতিয়া তেওঁলোক আচৰিত হৈছিল। তেতিয়াই প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ কথা তেওঁলোকে উল্লেখ কৰে। সেইমতে প্ৰতিজন শিক্ষাৰ্থীয়ে সপ্তাহত ২৫বিধ প্লাষ্টিকৰ সামগ্ৰী বিদ্যালয়ত জমা দি সমাজ আৰু পৰিৱেশৰ প্ৰতি অৱদান  আগবঢ়াব লাগে।

প্লাষ্টিকৰ ভয়াৱহ প্ৰদূষণৰ বিৰুদ্ধে এক মহান বাৰ্তা প্ৰদান কৰা বিদ্যালয়খনে ছাত্ৰ–ছাত্ৰীসকলক প্লাষ্টিকৰ পুনঃব্যৱহাৰৰ বিষয়েও পাঠ শিকাই আছে।

মাথো ২০জন শিক্ষাৰ্থীৰে আৰম্ভ হোৱা বিদ্যালয়খনত বৰ্তমান ৪ৰ পৰা ১৫বছৰ বয়সৰ মুঠ ১০০গৰাকী শিক্ষাৰ্থীয়ে পাঠগ্ৰহণ কৰি আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি