Budget 2019: ১১.৭৫ লাখ টকালৈকে আপুনি দিব নালাগে আয়কৰ!

আপোনাৰ বছৰেকীয়া আয় যদি ১১.৭৫ টকা হয়, তেন্তে আপুনি ভৰিব নালাগে কোনো ধৰণৰ আয়কৰ!

News18-Assam
Updated:July 5, 2019, 8:04 PM IST
Budget 2019: ১১.৭৫ লাখ টকালৈকে আপুনি দিব নালাগে আয়কৰ!
আপোনাৰ বছৰেকীয়া আয় যদি ১১.৭৫ টকা হয়, তেন্তে আপুনি ভৰিব নালাগে কোনো ধৰণৰ আয়কৰ!
News18-Assam
Updated: July 5, 2019, 8:04 PM IST
আজি সংসদৰ মজিয়াত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম খন বিত্তীয় বাজেট। এইবাৰৰ বাজেটত আয়কৰৰ ক্ষেত্ৰত সাল সলনি কৰা হৈছে বিভিন্ন নিয়ম। বছৰি পাঁচ লাখ টকালৈকে দিব নালাগে কোনো ধৰণৰ কৰ। যিসকল চাকৰিজীৱী লোকৰ বছৰেকীয়া আয় পাঁচ লাখ বা তাতকৈ কম,তেওঁলোকে পৰিশোধ কৰিব নালাগে আয়কৰ। সেইদৰে যদি আপোনাৰ বছৰীয়া আয় ১১.৭৫ লাখ টকা হয়, তেতিয়াও আপুনি কৰ পৰিশোধ কৰাৰ পৰা বিৰত থাকিব,কিন্তু কিদৰে?

বছৰি ১১.৭৫ লাখ টকা উপাৰ্জনতো কৰৰ পৰিমাণ শূন্য

বিত্তমন্ত্ৰীয়ে কৰ পৰিশোধকাৰীসকলে ঘৰ আৰু গাড়ী ক্ৰয় কৰিলে কৰ পৰিশোধ কৰিব নালাগে বুলি ঘোষণা কৰে সাধাৰণ বাজেটত। বিত্তমন্ত্ৰীয়ে ক’লে যে, বছৰি ১১.৭৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা সকলে  পৰিশোধ কৰিব নালাগে কোনো ধৰণৰ কৰ। অৰ্থাৎ ঘৰ আৰু গাড়ী ক্ৰয় কৰি আপুনি কৰ দিয়াৰ পৰা ৰেহাই পাব পাৰে।



পাঁচলাখ টকালৈকে পৰিশোধ কৰিব নালাগে কোনো কৰ। অৱশিষ্ট ৬.৭৫ লাখ টকাৰ কৰ পৰিশোধৰ পৰা বাচি থাকিবলৈ আপুনি ছেকচন 80C ত ১.৫০ লাখ টকা বিনিয়োগ কৰিব লাগিব। সেইদৰে ছেকচন 80D ত ২৫ হাজাৰ টকা, গৃহ ঋণত ২ লাখ টকা ৰেহাই পোৱাৰ লাভ উঠাব লাগিব। ইলেকট্ৰিক বাহন ক্ৰয় কৰোতে ১.৫০ লাখ টকা কৰ ৰেহাই পাব। ইফালে চৰকাৰে কম মূল্যৰ ঘৰ ক্ৰয় কৰিলে অতিৰিক্ত ১.৫০ লাখ টকা ৰেহাই পাব। এনেদৰে মুঠ আপোনাৰ বিনিয়োগ হ’ব ৬.৭৫ টকা, অৰ্থাৎ টেক্স লায়েবিলিটি শূণ্য।
আৰু চাওক পৰৱৰ্তী বাতৰি