• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Explained - হলমাৰ্কযুক্ত সোণ, KDM সোণ আৰু 916 সোণৰ মাজৰ পাৰ্থক্য কি? সোণ ক্ৰয়ৰ পূৰ্বে জাানি লওক এই কেইটা গুৰুত্বপূৰ্ণ কথা

Explained - হলমাৰ্কযুক্ত সোণ, KDM সোণ আৰু 916 সোণৰ মাজৰ পাৰ্থক্য কি? সোণ ক্ৰয়ৰ পূৰ্বে জাানি লওক এই কেইটা গুৰুত্বপূৰ্ণ কথা

BIS মাৰ্ক, কেৰেটত শুদ্ধতা, হলমাৰ্কিং চেণ্টাৰ আৰু জুৱেলাৰ আইডেণ্টি মাৰ্ক (Jewellery Identity Mark) আদি সোণৰ বিশুদ্ধতা সুনিশ্চিত কৰাৰ চাৰিটা মুখ্য উপায়।

BIS মাৰ্ক, কেৰেটত শুদ্ধতা, হলমাৰ্কিং চেণ্টাৰ আৰু জুৱেলাৰ আইডেণ্টি মাৰ্ক (Jewellery Identity Mark) আদি সোণৰ বিশুদ্ধতা সুনিশ্চিত কৰাৰ চাৰিটা মুখ্য উপায়।

BIS মাৰ্ক, কেৰেটত শুদ্ধতা, হলমাৰ্কিং চেণ্টাৰ আৰু জুৱেলাৰ আইডেণ্টি মাৰ্ক (Jewellery Identity Mark) আদি সোণৰ বিশুদ্ধতা সুনিশ্চিত কৰাৰ চাৰিটা মুখ্য উপায়।

  • Share this:
ভাৰতত সোণ ক্ৰয় কৰাসকলৰ মাজত সোণৰ বিশুদ্ধতাৰ বিষয়টো প্ৰতিসময়তে ডাঙৰ চিন্তাৰ বিষয় হৈ আহিছে। চৰকাৰে জুৱেলাৰ্ছসকলক কেৱল হলমাৰ্কিং কৰা সোণাৰ গহণা বিক্ৰী কৰাৰহে অনুমতি দিছে, যদিও সোণৰ গহনা বা মুদ্ৰা ক্ৰয় কৰোতে কোনো প্ৰৱঞ্চনাৰ পৰা আঁতৰত থাকিবলৈ সোণক লৈ কৰা সকলো মানকৰ বিষয়ে গ্ৰাহকসকলো সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। BIS মাৰ্ক, কেৰেটত শুদ্ধতা, হলমাৰ্কিং চেণ্টাৰ আৰু জুৱেলাৰ আইডেণ্টি মাৰ্ক (Jewellery Identity Mark) আদি সোণৰ বিশুদ্ধতা সুনিশ্চিত কৰাৰ চাৰিটা মুখ্য উপায়।

তেনেস্থলত আপুনি সোণ ক্ৰয়ৰ সময়ত ভিন্ন দ্বিধাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ BIS হলমাৰ্কযুক্ত সোণ, KDM সোণ আৰু 916 সোণৰ পাৰ্থক্য জনাটো অতি প্ৰয়োজন। যিয়ে আপোনাক সোণ ক্ৰয়ৰ সময়ত ভিন্ন ধৰণে সহায় কৰিব।

হলমাৰ্কযুক্ত সোণ কি (Hallmark Gold)) কি?

সোণৰ বিশুদ্ধতা আৰু সূক্ষ্মতাক প্ৰমাণিত কৰাৰ প্ৰক্ৰিয়াটোক হলমাৰ্কিং(Hallmarking) বুলি কোৱা হয়। BIS নিয়মৰ অধীনত সোণৰ লগতে ৰূপৰ গহণাৰো হলমাৰ্কিং কৰাটো জৰুৰী। BIS হলমাৰ্কে সোণৰ গহণাৰ মান অনুসৰি তৈয়াৰ কৰাটো প্ৰমাণ কৰে। হলমাৰ্কিঙে গ্ৰাহকসকলক তেওঁলোকে ক্ৰয় কৰা সোণৰ বিশুদ্ধতা সম্পৰ্কে এক নিশ্চয়তা প্ৰদান কৰে। অৰ্থাৎ যদি আপুনি হলমাৰ্ক যুক্ত ১৮কে সোণৰ গহনা ক্ৰয় কৰি আছে, ইয়াৰ অৰ্থ হ'ব যে ১৮/২৪ অংশ সোণ আৰু বাকীখিনি হৈছে মিশ্ৰিত ধাতু।

যদিও পূৰ্বে সোণৰ হলমাৰ্কিং বৈকল্পিক আছিল, কিন্তু ২০২১ৰ ১৫ জানুৱাৰীৰ পৰা ৰিটেইলাৰসকলৰ বাবে ১৪ কেৰেট, ১৮কে, ২২কেৰ হলমাৰ্কযুক্ত সোণৰ সামগ্ৰী বিক্ৰী কৰাটো বাধ্যতামূলক কৰা হৈছে। যাৰ দ্বাৰা সোণ ক্ৰয় সুৰক্ষিত কৰাৰ লগতে গ্ৰাহকে সন্মুখীন হোৱা প্ৰৱঞ্চনা ৰোধ কৰা হৈছে। ইয়াৰ লগতে সোণ ক্ৰয়ৰ সময়ত সোণ হলমাৰ্কযুক্ত হয় নে নহয় চিনাক্ত কৰিবলৈ গ্ৰাহকে নিম্নোলিখিত সংকেত বা প্ৰতীক চোৱাটো অতি প্ৰয়োজন -

১. BIS হলমাৰ্ক: ইয়ে সূচায় যে ইয়াৰ অনুজ্ঞাপ্ৰাপ্ত পৰীক্ষাগাৰৰ এটাত সোণৰ বিশুদ্ধতা প্ৰমাণিত কৰা হৈছে।
২. কেৰেট আৰু সুক্ষ্মতাত বিশুদ্ধতা -
- 22K916 (91.6% বিশুদ্ধতা)
- 18K750 (75% বিশুদ্ধতা)
- 14K585 (58.5% বিশুদ্ধতা)
৩. হলমাৰ্কিং চেণ্টাৰৰ চিহ্ন
৪. জুৱেলাৰৰ চিহ্ন

KDM সোণ কি?

KDM সোণ হৈছে এক প্ৰকাৰৰ সোণৰ মিশ্ৰণ, য'ত ৯২ শতাংশ সোণ আৰু ৮ শতাংশ কেডমিয়াম মিশ্ৰণ মিহলি কৰা হয়। ইয়াৰ পৰাই KDM সোণ শব্দটো আহিছিল। এই মিশ্ৰণটো সোণত এক উচ্চ মানৰ বিশুদ্ধতা প্ৰাপ্ত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। যদিও ই বিশুদ্ধতাক প্ৰভাৱিত কৰা নাছিল, কিন্তু ইয়াৰ সৈতে কাম কৰা শিল্পীসকলৰ বাবে গুৰুতৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিছিল। যাৰ বাবে BISয়ে এতিয়া এয়া নিষিদ্ধ কৰিছে। এতিয়া কেডমিয়ামৰ সলনি উন্নত চ'ল্ডাৰ ধাতু যেনে জিংক আৰু অন্যান্য ধাতু ব্যৱহাৰ কৰা হয়।

'916 সোণ'ৰ অৰ্থ কি?
সাধাৰণ মানুহৰ ক্ষেত্ৰত, ই হৈছে ২২কে সোণৰ আন এটা নাম। যেনে যদি ২২K সোণৰ ওজন ১০০ গ্ৰাম হ'লে, ইয়াত প্ৰতি ১০০ গ্ৰাম মিশ্ৰণত ৯১.৬ গ্ৰাম বিশুদ্ধ সোণ থাকে। লক্ষ্যণীয় যে সোণক ইয়াৰ বিশুদ্ধতাৰ ওপৰত আধাৰ কৰি শ্ৰেণীবদ্ধ কৰা হয় যেনে ২৪K, ২২K আৰু ১৮K ইত্যাদি।

সোণ হলমাৰ্কিঙৰ লগতে KDM,916 সম্পৰ্কত কিছু প্ৰশ্ন -

১. হলমাৰ্কিং কেনেদৰে কৰা হয়?

BIS–এ অলংকাৰক অনুজ্ঞাপত্ৰ প্ৰদান কৰে আৰু তেওঁলোকে BIS স্বীকৃত যিকোনো হলমাৰ্কিং কেন্দ্ৰৰ পৰা তেওঁলোকৰ গহণা বোৰ চিহ্নিত কৰিব পাৰে।

২. কেনেকৈ জানিব পাৰিম যে আমি সোণ ক্ৰয় কৰি থকা গহণা দোকানখন BISৰ দ্বাৰা প্ৰমাণিত?

BISৰ অফিচিয়েল ৱেবছাইটৰ পৰা BISৰ দ্বাৰা প্ৰমাণিত আৰু অনুজ্ঞাপ্ৰাপ্ত জুৱেলাৰৰ তালিকাৰ বিষয়ে জানিব পাৰি। ইয়াৰ উপৰিও, তালিকাখনে জুৱেলাৰৰ নাম আৰু ঠিকনা আৰু BISৰ ৰ সৈতে তেওঁলোকৰ অনুজ্ঞাপত্ৰ বৈধ হোৱা তাৰিখলৈকে সকলো তথ্য প্ৰদান কৰে।

৩. আমি কিয় ২৪K সোণৰ গহণা বনাব নোৱাৰো?

বিশুদ্ধ সোণ বা ২৪K সোণ অতি কোমল প্ৰকৃতিৰ, যাৰ ফলত জটিল ডিজাইনৰ সৈতে যিকোনো গহনা সৃষ্টি কৰা কঠিন হৈ পৰে। সেয়েহে, বেছিভাগ লোকে গহনা তৈয়াৰ কৰাৰ বাবে ২২K সোণ বা BIS916 সোণ দিশে আগবাঢ়ে।

৪. হলমাৰ্কযুক্ত সোণৰ গহণাই কিদৰে লাভান্বিত কৰে?

হলমাৰ্কে সোণৰ বিশুদ্ধতা প্ৰমাণিত কৰে। যিহেতু ই বিশুদ্ধতাৰ চিহ্ন, ই গ্ৰাহকৰ মনত আত্মবিশ্বাস জাগ্ৰত কৰে। ইয়াৰ অৰ্থ হৈছে, যদি আপুনি হলমাৰ্ক ১৮K সোণৰ গহনা ক্ৰয় কৰি আছে, ইয়াৰ অৰ্থ হ'ব যে ১৮/২৪ অংশ সোণ আৰু বাকীখিনি হৈছে মিশ্ৰণ।

৫. ভাৰতত স্বাভাৱিক সোণৰ হাৰৰ সৈতে হলমাৰ্ক সোণৰ মূল্য কিয় পৃথক হয়?

বিভিন্ন গহণা সংস্থা, পৰিবহণ ব্যয় আদিৰ বাবে ভাৰতৰ চহৰৰ পৰা চহৰলৈ সোণৰ মূল্য সামান্য পৃথক হয়। অৱশ্যে, ইয়াৰ মুখ্য কাৰণ হৈছে হলমাৰ্কিং মাচুল যিবোৰ সোণৰ ব্যয়ৰ সৈতে যোগ কৰা হয়।
Published by:Sanjay Kumar Das
First published: