দৰিদ্ৰতা হেঙাৰ নহয় সফলতাৰ! অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰমাণ কৰিলে আছগৰ আলীয়ে

News18-Assam
Updated:July 24, 2019, 3:39 PM IST
দৰিদ্ৰতা হেঙাৰ নহয় সফলতাৰ! অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰমাণ কৰিলে আছগৰ আলীয়ে
মাতৃয়ে ঘৰৰ ছাগলী বিক্ৰী কৰি পঢ়োওৱা পুত্ৰ আজি ন্যায়াধীশ!

মাতৃয়ে ঘৰৰ ছাগলী বিক্ৰী কৰি পঢ়োওৱা পুত্ৰ আজি ন্যায়াধীশ!

  • Share this:
সফলতা লাভ কৰাত যে দৰিদ্ৰতা কেতিয়াও হেঙাৰ নহয়, সেই কথাষাৰ যেন আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে উত্তৰ প্ৰদেশৰ আছগৰ আলীয়ে। ঘৰত নাছিল কোনো ধৰণৰ উপাৰ্জনৰ উৎস। দিন হাজিৰা কৰা মাতৃয়ে ঘৰৰ ছাগলী বিক্ৰী কৰি পৰিশোধ কৰিছিল আছগৰৰ পঢ়াৰ মাছুল। তথাপিও যেন কোনো দিন নিজৰ মনোবল হেৰুওৱা নাছিল আছগৰ আলীয়ে। কঠোৰ পৰিশ্ৰমৰ অন্তত এতিয়া দৰিদ্ৰ ঘৰৰ খনলৈ কিছু পোহৰৰ ৰেঙণী দেখুৱাইছে আছগৰ আলীয়ে। শেহতীয়াকৈ উত্তৰ প্ৰদেশ লোকসেৱা আয়োগে ঘোষণা কৰা ন্যায়াধীশৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে আছগৰ আলী।

আছগৰে লাভ কৰা এই সফলতাত এতিয়া অত্যন্ত সুখী মাতৃ। ইফালে আজগৰৰ ভাতৃয়ে কয় যে– ‘আমাৰ বংশত ন্যায়াধীশ হোৱাটো দূৰৰ কথা আজিলৈ কোনেও সাধাৰণ চৰকাৰী চাকৰি এটাও পোৱা নাছিল। আমাৰ বংশত কোনেও কৰিব নোৱাৰা এটা কাম মোৰ ভাতৃয়ে কৰি দেখুৱালে!’ আছগৰ আলীৰ এই সফলতাই এতিয়া সমগ্ৰ লখিমপুৰ অঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ !

 

 
First published: July 24, 2019, 3:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading