• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • পুনৰ গভীৰ অনিশ্চয়তাত টকিঅ’ অলিম্পিক ২০২১, জাপানৰ ৭০% জনসাধাৰণে দেশখনত বিচৰা নাই অলিম্পিক গেমছ

পুনৰ গভীৰ অনিশ্চয়তাত টকিঅ’ অলিম্পিক ২০২১, জাপানৰ ৭০% জনসাধাৰণে দেশখনত বিচৰা নাই অলিম্পিক গেমছ

জাপানত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ উপৰি দেশখনৰ সত্তৰ শতাংশ জনসাধাৰণে জাপানত অলিম্পিক বাতিল কৰক বুলি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।

জাপানত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ উপৰি দেশখনৰ সত্তৰ শতাংশ জনসাধাৰণে জাপানত অলিম্পিক বাতিল কৰক বুলি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।

জাপানত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ উপৰি দেশখনৰ সত্তৰ শতাংশ জনসাধাৰণে জাপানত অলিম্পিক বাতিল কৰক বুলি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।

  • Share this:
পুনৰ গভীৰ অনিশ্চয়তাত টকিঅ’ অলিম্পিক ২০২১। কোভিড মহামাৰীৰ বাবেই টকিঅ’ অলিম্পিক গেমছ ২০২০ নিৰ্ধাৰিত সময়তকৈ এবছৰ পিছুৱাই ২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ নতুন সময়সূচী নিৰ্ধাৰণ কৰিছিল। কিন্তু বিশ্বৰ শেহতীয়া কোভিড পৰিস্থিতিৰ বাবে এইবাৰো পুনৰ অনিশ্চিয়তাত অলিম্পিক গেমছ।

জাপানত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ উপৰি দেশখনৰ সত্তৰ শতাংশ জনসাধাৰণে জাপানত অলিম্পিক বাতিল কৰক বুলি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। ইয়াৰ মাজতে আই অ’ চি আৰু আয়োজকসকলে টকিঅ’ চহৰতে জৰুৰীকালীন অৱস্থা বাহাল থকাৰ সময়তো আগন্তুক ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অলিম্পিক গেমছ অনুষ্ঠিত হ’ব বুলি দাবী কৰিছে।

ইফালে, অলিম্পিকৰ খেলুৱৈসকলক আতিথ্য দিয়াৰ বাবে নিৰ্ধাৰিত অঞ্চলবোৰো কোভিডত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। এনেবোৰ জল্পনা–কল্পনাৰ মাজতে জাপানৰ শীৰ্ষ চিকিৎসা উপদেষ্টাৰ দলে উদ্বেগ প্ৰকাশ কৰিছে যে যদি অলিম্পিকৰ খেলবোৰ ‘চুপাৰস্প্ৰেডাৰ’ লৈ পৰ্যবেশিত হয় তেন্তে জাপানৰ চিকিৎসা ব্যৱস্থাই কেনেদৰে মোকাবিলা কৰিব সেয়া চিন্তাৰ বিষয়। জাপানৰ সৰ্বসাধাৰণ লোক কোভিড পৰিস্থিতিতিৰ মাজত অলিম্পিক গেমছ আয়োজনক সহজভাৱে ল’ব পৰা নাই। উল্লেখযোগ্য যে টকিঅ’ অলিম্পিক গেমছলৈ ইতিমধ্যে যোগ্যতা অৰ্জন কৰিছে অসমৰ সফল মহিলা বক্সাৰ লাভলিনা বৰগোঁহাইয়ে।
Published by:Sanjay Kumar Das
First published: