আপোনাৰ আধাৰ কাৰ্ডখন বৈধ নে অবৈধ? জানিবলৈ চাওক এই প্ৰতিবেদন

News18 Assam | News18-Assam
Updated:January 19, 2020, 10:33 AM IST
আপোনাৰ আধাৰ কাৰ্ডখন বৈধ নে অবৈধ? জানিবলৈ চাওক এই প্ৰতিবেদন
source-Google

UIDAI–এ প্লাষ্টিক আধাৰ কাৰ্ডৰ লোকচানৰ কথা উল্লেখ কৰি এক বিজ্ঞপ্তি জাৰি কৰিছিল। এই বিজ্ঞপ্তিত কোৱা হৈছে যে প্লাষ্টিক আধাৰ বা স্মাৰ্ট আধাৰ কাৰ্ডৰ ব্যৱহাৰ নকৰিব।

  • Share this:
অধিক সংখ্যক লোকে প্লাষ্টিক আধাৰ কাৰ্ড ব্যৱহাৰ কৰে। যদি আপুনিও এনেধৰণৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক। UIDAI–এ স্পষ্ট কৰি দিছে যে প্লাষ্টিক আধাৰ কাৰ্ড বৈধ নহ’ব। UIDAI–এ টুইটাৰযোগে সকীয়নি দিছে যে প্লাষ্টিক আধাৰ বা আধাৰ স্মাৰ্ট কাৰ্ড/PVC কাৰ্ড বৈধ নহয়।

UIDAI–এ প্লাষ্টিক আধাৰ কাৰ্ডৰ লোকচানৰ কথা উল্লেখ কৰি এক বিজ্ঞপ্তি জাৰি কৰিছিল। এই বিজ্ঞপ্তিত কোৱা হৈছে যে প্লাষ্টিক আধাৰ বা স্মাৰ্ট আধাৰ কাৰ্ডৰ ব্যৱহাৰ নকৰিব। এনে ধৰণৰ কাৰ্ড আপোনাৰ আধাৰৰ তথ্যৰ গোপনীয়তাৰ প্ৰতি বিপজ্জনক। প্লাষ্টিক আধাৰ কাৰ্ড বিভিন্ন সময়ত কাম নকৰে। ইয়াৰ কাৰণ হ’ল প্লাষ্টিক আধাৰৰ অনধিকৃত প্ৰিণ্টিঙৰ বাবে QR কোড কাম নকৰা হয়। লগতে আধাৰত অন্তৰ্ভুক্ত ব্যক্তিগত তথ্য আপোনাৰ অনুমতি অবিহনে শ্বেয়াৰ কৰাৰো আশংকা আছে।



UIDAI–এ নিজৰ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে যে অৰিজিনেল আধাৰৰ বাদেও এখন সাধাৰণ কাগজত ডাউনলোড কৰা আধাৰ আৰু এম আধাৰ সম্পূৰ্ণৰূপে বৈধ। স্মাৰ্ট আধাৰৰ কোনো প্ৰয়োজনীয়তা নাই। আপোনাৰ বাবে কালাৰ প্ৰিণ্টৰো কোনো প্ৰয়োজন নাই। লগতে আধাৰ কাৰ্ডৰ লেমিনেশ্যন বা প্লাষ্টিক আধাৰ কাৰ্ডৰো প্ৰয়োজন নাই। যদি আপোনাৰ আধাৰ কাৰ্ড হেৰাই যায়, তেন্তে আপুনি বিনামূলীয়াকৈ https://eaadhaar.uidai.gov.in ৰ পৰা ডাইনলোড কৰিব পাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি