দেশত এতিয়া অভাৱনীয় হাৰত হ্ৰাস পাইছে গাড়ী বিক্ৰী। গাড়ী বিক্ৰী হ্ৰাস পোৱাৰ ফলত এতিয় দেশৰ বহু কেইটা গাড়ী নিৰ্মাণ প্ৰতিষ্ঠান বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। কিন্তু কিয় দেশত অভাৱনীয় ভাবে হ্ৰাস পাইছে গাড়ী বিক্ৰী ,সেই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাঙি ধৰিছে অদ্ভুত যুক্তি।
![]()
দেশত গাড়ী বিক্ৰী হ্ৰাস পোৱাৰ অন্যতম কাৰণ Ola, Uber ৰ গাড়ীৰ প্ৰচলন বৃদ্ধি । সীতাৰমণে উল্লেখ কৰে যে, মানুহে EMI ৰ জৰিয়তে গাড়ী ক্ৰয় কৰাতকৈ OLA, UBER ক অধিক প্ৰাধান্য দিয়ে, যিয়ে প্ৰভাৱ পেলাইছে গাড়ী নিৰ্মাণ কৰা প্ৰতিষ্ঠান সমূহৰ ওপৰত। সীমাৰমণৰ এনে মন্তব্যৰ পিছতে এতিয়া ছচিয়েল মিডিয়াত মন্ত্ৰীগৰাকীক বহুতে ট্ৰ’ল কৰা দেখা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|