Real Life Two States: পাঞ্জাৱী প্ৰেমিকাৰ কথা পৰিয়ালক যেতিয়া জনালে তেলেগু প্ৰেমিকে...প্ৰতিক্ৰিয়া আছিল এয়া!

News18 Assam | News18-Assam
Updated:April 12, 2021, 3:06 PM IST
Real Life Two States: পাঞ্জাৱী প্ৰেমিকাৰ কথা পৰিয়ালক যেতিয়া জনালে তেলেগু প্ৰেমিকে...প্ৰতিক্ৰিয়া আছিল এয়া!
তেওঁ পিছত যোগ দিছিল যে তেওঁৰ প্ৰেমিকাৰ পৰিয়ালত তেওঁলোকৰ সম্পৰ্কক লৈ কোনো নাটকীয় প্ৰতিক্ৰিয়া নাছিল। খুব সহজভাৱেই প্ৰেমিকাৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কক মানি লৈছিল।

তেওঁ পিছত যোগ দিছিল যে তেওঁৰ প্ৰেমিকাৰ পৰিয়ালত তেওঁলোকৰ সম্পৰ্কক লৈ কোনো নাটকীয় প্ৰতিক্ৰিয়া নাছিল। খুব সহজভাৱেই প্ৰেমিকাৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কক মানি লৈছিল।

  • Share this:
প্ৰেমৰ নাঁৱখনত যাত্ৰা কৰা সকলৰ বােবে এইটো সদায়ে এক জটিল যাত্ৰা - সেয়া ইজনে সিজনৰ ওচৰত তেওঁলোকৰ প্ৰেম স্বীকাৰ কৰা হওঁক নাইবা তেওঁলোকৰ পিতৃ-মাতৃৰ ওচৰত বাতৰি দিয়াই হওঁক। ভাৰতত ডেটিং আৰু প্ৰেম বিবাহ খুব কমেই সহজ বিষয় হিচাপে বিবেচিত হয়, বিশেষকৈ যেতিয়া পৰিয়ালটোৰ মনত বিশ্বাস জগোৱা আৰু সৈমান কৰোৱাৰ কথা আহে। তাতে যদি সঙ্গী পৃথক সম্প্ৰদায়ৰ হয় তেতিয়া পৰিস্থিতি আৰু কঠিন হৈ পৰে।

অৰ্জুন কাপুৰ আৰু আলিয়া ভাট অভিনীত আৰু চেতন ভগতৰ একে নামৰ জনপ্ৰিয় উপন্যাসৰ ওপৰত আধাৰিত ২ ষ্টেটছ (2 States) নামৰ চলচ্চিত্ৰৰ দৰে এটা প্ৰেমকাহিনী মাইক্ৰ'ব্লগিং প্লেটফৰ্ম টুইটাৰত চৰ্চিত হৈ পৰিছিল। ঘটনাৰ এক নাটকীয় কিন্তু হাস্যকৰ পৰিৱৰ্তনত, অন্ধ্ৰ প্ৰদেশৰ এজন ব্যক্তিয়ে সকলোকে কৌতূহলী কৰি তুলিছিল যেতিয়া তেওঁ তেওঁৰ পৰিয়ালক তেওঁৰ পাঞ্জাৱী প্ৰেমিকাৰ বিষয়ে অৱগত কৰিছিল আৰু ঘটনাটো টুইটাৰত শ্বেয়াৰ কৰিছিল। বিবেক ৰাজুৱে অলপতে তেওঁৰ প্ৰেমিকাৰ বিষয়ে বাতৰিটো মাক দেউতাকক জনোৱাৰ বিষয়ে পোষ্ট কৰিছিল।

বিবেক ৰাজু নামৰ ব্যক্তিজনে তেওঁৰ টুইটত লিখিছিল: “Fun times in the house. Mom is okay. Dad has gone completely silent. Having fun observing this once in a lifetime reaction from parents (unless my brother drops a bomb too).” (ঘৰত আমোদজনক পৰিৱেশ। মা ঠিকে আছে। দেউতা সম্পূৰ্ণৰূপে নীৰৱ হৈ পৰিছে। পিতৃ-মাতৃৰ পৰা জীৱনত এনেকুৱা প্ৰতিক্ৰিয়া এবাৰহে দেখিবলৈ পোৱা যায় (যদিহে মোৰ ভাইটিয়েও কোনো বিস্ফোৰণ নঘটায়)




তেওঁ পিছত যোগ দিছিল যে তেওঁৰ প্ৰেমিকাৰ পৰিয়ালত তেওঁলোকৰ সম্পৰ্কক লৈ কোনো নাটকীয় প্ৰতিক্ৰিয়া নাছিল। খুব সহজভাৱেই প্ৰেমিকাৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কক মানি লৈছিল।

ল’ৰাজনৰ দেউতাকে আনকি কোৰোণা ত্ৰাসকো উপেক্ষা কৰি পুত্ৰৰ প্ৰেমিকাক লগ কৰাৰ সিদ্ধান্ত লয়। ভিডিঅ' কল কৰাৰ পৰামৰ্শও সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰা হৈছিল কিয়নো দেউতাকে ছোৱালীজনীক মুখামুখিকৈ লগ কৰিব বিচাৰিছিল।

তেওঁ নিজৰ থ্ৰেডত প্ৰকাশ কৰিছিল যে মাকে তেওঁৰ প্ৰেমিকা বাংগালুৰুত পঢ়াৰ কাৰণে কানাড়া বুলি ভাবি আছিল লগতে আশা কৰিছিল যে সাংস্কৃতিকভাৱে অন্ততঃ বোৱাৰী অলপ কাষৰ হ’ব। দেউতাকে আনহাতে আইপিএলক লৈও বিশেষ উৎসাহ প্ৰদৰ্শন নকৰাৰ কথা হাস্যকৰভাৱে বিবেকে কয়।

অৱশ্যে পিতৃ–মাতৃয়ে সময়ত সহজ হৈ পৰিব বুলি আশা প্ৰকাশ কৰে বিবেক ৰাজুৱে। তেওঁ কয় দুয়োজনকে মই খুব ভালপাওঁ আৰু যথেষ্ট খিনি তেওঁলোকে যথেষ্ট খিনি সামৰিব লগীয়া হৈছে গতিকে কিছু সময়ৰ পিছত সকলো স্বাভাৱিক হ’ব।

বিবেকে তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আপডেটবোৰ শ্বেয়াৰ কৰাৰ লগে লগে তেওঁ পৰৱৰ্তী সময়ত কি শ্বেয়াৰ কৰিব সেয়া অনুমান কৰি মানুহবোৰ আকৰ্ষিত হৈছিল।
First published: April 12, 2021, 3:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি