বিশ্বৰ আটাইতকৈ দুখীয়া দেশসমূহৰ ভিতৰত অন্যতম হ’ল ছোমালিয়া (Somalia)। পূব আফ্ৰিকাৰ এই দুখীয়া দেশখনে বহু বছৰ ধৰি যুজঁ দি আছে দুৰ্ভিক্ষৰ সৈতে। আৰ্থিকভাৱে জুৰুলা ছোমালিয়াৰ দুগৰাকী খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে টকিঅ’ অলিম্পিক গেমছ (tokyo olympics 2021)ৰ বাবে। ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ টকিঅ’ত চলিবলগীয়া ৩২সংখ্যক অলিম্পিক গেমছত ছোমালিয়াৰ দুগৰাকী খেলুৱৈ ক্ৰমে এথলেটিকছত আলি আডাও হাছান আৰু বক্সিঙত ৰামলা আলীয়ে অংশ ল’ব।
পূব আফ্ৰিকাৰ ইউথোপিয়া, ডিজিবাউটী আৰু কেনিয়াৰ চুবুৰীয়া দেশ ছোমালিয়াই ১৯৭২ চনৰ মিউনিখ অলিম্পিকত প্ৰথমবাৰলৈ অংশ লৈছিল। ১৯৭২ চনৰ পিছত ১৯৮৪ চনৰ লছ এঞ্জেলছ, ১৯৮৮ চনৰ ছিউল, ১৯৯৬ চনৰ আটলাণ্টা, ২০০০ চনৰ ছিডনী, ২০০৪ চনৰ এথেন্স, ২০০৮ চনৰ বেইজিং, ২০১২ চনৰ লণ্ডন আৰু ২০১৬ চনৰ ৰিঅ’ অলিম্পিক গেমছত অংশ লৈছিল ছোমালিয়াৰ খেলুৱৈয়ে। ১৯৮৪ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছত সৰ্বাধিক ৭ গৰাকী পুৰুষ এথলীটে অংশ লৈছিল।
ৰিঅ’ অলিম্পিকৰ পিছত এইবাৰৰ টকিঅ’ অলিম্পিকত অংশ ল’ব দুগৰাকী ছোমালিয়ান খেলুৱৈয়ে। ট্ৰেক এণ্ড ফিল্ডত পুৰুষৰ ১০০ মিটাৰ দৌৰত অংশ ল’ব আলি আডাও হাছানে, আনহাতে মহিলা বক্সিঙৰ ৫৪ কেজি শাখাত ৰামলা আলীয়ে অংশ ল’ব। ৩১ বছৰীয়া মহিলা বক্সাৰ ৰামলা আলী এগৰাকী প্ৰফেচনেল বক্সাৰ হোৱাৰ উপৰিও এগৰাকী আফ্ৰিকান মডেল।
ছোমালীয়াৰ ৰাষ্ট্ৰীয় চেম্পিয়ন তথা প্ৰথমগৰাকী পেছাদাৰী বক্সাৰ ৰামলা আলীয়ে ২০১৫ৰ ইংলেণ্ডৰ নোভাইছ নেচনেল বক্সিঙত স্বৰ্ণপদক লাভ কৰাৰ উপৰি ২০১৬ চনৰ ইংলেণ্ড বক্সিং এলিট নেচনেল চেম্পিয়নশ্বীপ আৰু ২০১৬ গ্ৰেট ব্ৰিটিছ চেম্পিয়নশ্বীপত চেম্পিয়ন হৈছিল।
শেহতীয়াকৈ ২০১৯ চনত আফ্ৰিকান বক্সিঙত বিজয়ী হৈছিল। ছোমালিয়াক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণপদক পোৱা একমাত্ৰ খেলুৱৈ হ’ল ৰামলা আলী। ছোমালিয়াৰ হ’লেও ৰামলাই ইংলেণ্ডত থাকিয়েই বক্সিঙৰ অনুশীলন চলায়। আনহাতে, আলি আডাও হাছান হ’ল ছোমালিয়াৰ এগৰাকী দক্ষ এথলীট। ২৩ বছৰীয়া আডাও হাছানে টকিঅ’ৰ ট্ৰেকত ১০০ মিটাৰ দৌৰত অংশ ল’ব। দুয়োগৰাকী খেলুৱৈৰ ওপৰতে দৃষ্টি নিবদ্ধ হৈ আছে ছোমালিয়াৰ এক কোটি ৬৩ লাখ ৪৪ হাজাৰ লোকৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 11, 2021, 18:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।