• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • "মন কৰিলেই ছন-বাকৰি মাটিত ধন।" ৰঙিয়াত দুই উচ্চ শিক্ষিত যুৱকে দেখুৱাইছে স্বাৱলম্বনৰ অনন্য নিদৰ্শন।

"মন কৰিলেই ছন-বাকৰি মাটিত ধন।" ৰঙিয়াত দুই উচ্চ শিক্ষিত যুৱকে দেখুৱাইছে স্বাৱলম্বনৰ অনন্য নিদৰ্শন।

ৰঙিয়াৰ শিলাগুটি গাঁৱৰ দুই উদ্যমী কৃষক মমত কুমাৰ আৰু প্ৰণৱ কলিতাই বেলিফুলৰ খেতিৰে দেখুৱাইছে উপাৰ্জনৰ পথ।

ৰঙিয়াৰ শিলাগুটি গাঁৱৰ দুই উদ্যমী কৃষক মমত কুমাৰ আৰু প্ৰণৱ কলিতাই বেলিফুলৰ খেতিৰে দেখুৱাইছে উপাৰ্জনৰ পথ।

ৰঙিয়াৰ শিলাগুটি গাঁৱৰ দুই উদ্যমী কৃষক মমত কুমাৰ আৰু প্ৰণৱ কলিতাই বেলিফুলৰ খেতিৰে দেখুৱাইছে উপাৰ্জনৰ পথ।

  • Share this:
    মন কৰিলেই ছন-বাকৰি মাটিতো ধন। এই প্ৰবচন ফাকিকেই সত্য প্ৰমাণিত কৰিছে ৰঙিয়াৰ দুই শিক্ষিত যুৱকে। ৰঙিয়াত এই দুজন উচ্চ শিক্ষিত যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ । চৰকাৰী চাকৰি বা কোম্পানীৰ চাকৰিৰ হাবিয়াস নকৰি প্ৰায় তিনি বিঘা মাটিত বেলিফুল খেতিৰে স্বাৱলম্বী হোৱাৰ লক্ষ্য এই দুই শিক্ষিত যুৱকৰ ।

    ৰঙিয়াৰ শিলাগুটি গাঁৱৰ দুই উদ্যমী কৃষকে নিজে স্বাৱলম্বী হোৱাৰ লগতে  গাঁওখনত সৃষ্টি কৰিছে এক মনোমোহা পৰিবেশৰ । বেলিফুলৰ খেতিৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ গাঁওখনলৈ সোঁত বৈছে দূৰ-দূৰণিৰ বহু লোকৰ ।

    গাঁওখনৰ মমত কুমাৰ আৰু প্ৰণৱ কলিতাই কৰিছে বেলিফুলৰ খেতি । দুই কৃষকে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন দহজনকো দেখুৱাইছে উপাৰ্জনৰ পথ । চৰকাৰী চাকৰিৰ বাবে নদৌৰি কৃষি কাৰ্যত জড়িত হৈছিল দুই যুৱক । নিজে হাতে কামে লাগি এক নিদৰ্শন দাঙি ধৰিছে এই দুই কৃষকে । শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলেলৈ দুয়োজনৰআহ্বান এনেধৰণৰ খেতিৰ দ্বাৰাও হ’ব পাৰে স্বাৱলম্বী।
    Published by:Manjumoni Borah
    First published: