কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া নতুন তথ্য-প্ৰযুক্তি নিয়ম পালন নকৰাৰ বাবেই ভাৰতত টুইটাৰে হেৰুৱালে আইনী সুৰক্ষা অৰ্থাৎ মধ্যস্থতাকাৰী প্লেটফৰ্মৰ মৰ্যাদা। যাৰ বাবে এতিয়াৰে পৰা ইয়াৰ প্লেটফৰ্মত কৰা সকলো পোষ্টৰ বাবে দায়বদ্ধ হ'ব কেৱল টুইটাৰ। বুধবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে মাইক্ৰ'ব্লগিং প্লেটফৰ্ম টুইটাৰৰ বিৰুদ্ধে ভিন্ন প্ৰশ্ন উত্থাপন কৰে। লগতে সময় দিয়া সত্ত্বেও কোম্পানীটোৱে ইচ্ছাকৃতভাৱে এই নতুন তথ্য প্ৰযুক্তি নিয়মবোৰ কাৰ্যকৰী কৰা নাই বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
দৰাচলতে কোম্পানীটোৱে ভাৰতত আৱাসিক অভিযোগ বিষয়া, নোডেল বিষয়া আৰু মুখ্য অনুপালন বিষয়াৰ নিযুক্তি দিয়া বিষয়টো এতিয়ালৈ মানি চলা নাই। যাৰ বাবে কেন্দ্ৰৰ এনে কঠোৰ পদক্ষেপৰ সন্মুখীন হ'বলগীয়া হৈছে বিদেশী কোম্পানীটো।
তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৭৯ৰ অধীনত মধ্যস্থতাকাৰীসকলক কি সুৰক্ষা প্ৰদান কৰা হয়?ধাৰা ৭৯ত কোৱা হৈছে যে যিকোনো মধ্যস্থতাকাৰীক ইয়াৰ প্লেটফৰ্মত উপলব্ধ বা হোষ্ট কৰা যিকোনো তৃতীয় পক্ষৰ তথ্য বা যোগাযোগ লিংকৰ বাবে আইনী বা অন্যথা দায়বদ্ধ কৰা নহ'ব।
আইনখনত কোৱা হৈছে যে এই সুৰক্ষা তেতিয়াহে প্ৰযোজ্য হ'ব যেতিয়া উক্ত মধ্যস্থতাকাৰীয়ে কোনো প্ৰকাৰে প্ৰশ্নত বাৰ্তা প্ৰেৰণ আৰম্ভ নকৰে, প্ৰেৰণ কৰা বাৰ্তাৰ প্ৰাপ্তকৰ্তা বাছনি নকৰে, আৰু প্ৰেৰণত সন্নিবিষ্ট কোনো তথ্য সংশোধন নকৰে।
ইয়াৰ অৰ্থ হৈছে যে যেতিয়ালৈকে এক প্লেটফৰ্মে কোনো ধৰণে ইয়াৰ সমলত হস্তক্ষেপ নকৰাকৈ A পইণ্টৰ পৰা B পইণ্টলৈ বাৰ্তা কঢ়িয়াই অনা মেচেঞ্জাৰৰ দৰে কাম কৰে, তেতিয়া এই বাৰ্তা প্ৰচাৰিত কৰাৰ যিকোনো আইনী গোচৰৰ পৰা ই সুৰক্ষিত থাকিব।
কেন্দ্ৰীয় চৰকাৰৰ অভিযোগ কি?কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে মাইক্ৰ'ব্লগিং প্লেটফৰ্ম টুইটাৰৰ বিৰুদ্ধে ভিন্ন প্ৰশ্ন উত্থাপন কৰে। লগতে সময় দিয়া সত্ত্বেও কোম্পানীটোৱে ইচ্ছাকৃতভাৱে এই নতুন তথ্য প্ৰযুক্তি নিয়মবোৰ কাৰ্যকৰী কৰা নাই বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
তেওঁ কয়, "এইটো আশ্চৰ্যজনক যে নিজকে মুক্ত ভাষণ ধ্বজাবাহক হিচাপে চিত্ৰিত কৰে, টুইটাৰে মধ্যস্থতাকাৰী নিৰ্দেশনাৰ ক্ষেত্ৰত ইচ্ছাকৃতভাৱে অৱজ্ঞা কৰাৰ পথ বাছি লৈছে। তদুপৰি, ডাঙৰ কথাটো হ'ল যে টুইটাৰে দেশৰ আইনৰ দ্বাৰা নিৰ্দেশিত প্ৰক্ৰিয়া স্থাপন কৰিবলৈ অস্বীকাৰ কৰি ব্যৱহাৰকাৰীসকলৰ অভিযোগবোৰ সমাধান কৰাত ব্যৰ্থ হৈছে।"
ই টুইটাৰক কেনেদৰে প্ৰভাৱিত কৰে?যিহেতু সম্প্ৰতি তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৭৯ৰ অধীনত টুইটাৰক প্ৰদান কৰা সুৰক্ষা এতিয়া নাইকিয়া হৈছে। তেনেস্থলত এই প্লেটফৰ্ম প্ৰকাশিত যিকোনো হিংসাত্মক পোষ্টৰ বাবে পোষ্ট কৰা লোকজনেই নহয়, দায়ী হ'ব টুইটাৰ কৰ্তৃপক্ষও। ফলত তদন্তৰ আওতালৈ আহিব কোম্পানীটোও।
পৰৱৰ্তী সময়ত আন কিবা ঘটিব পাৰে নেকি?পৰৱৰ্তী সময়ত, টুইটাৰক মিডিয়া আৰু প্ৰকাশনত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ হাৰ ২৬ শতাংশৰ সীমাৰ অধীনলৈ অনাৰ সম্ভাৱনা আছে, যাৰ অৰ্থ হৈছে যে প্লেটফৰ্মটোৱে বাকী ৭৪ শতাংশ অংশৰ বাবে ভাৰতীয় ক্ৰেতা বিচাৰিবলৈ বাধ্য হ'ব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|