ভাৰতত আজিৰে পৰা ফেচবুক, টুইটাৰকে ধৰি ভিন্ন সামাজিক মাধ্যম নিষিদ্ধ হোৱাৰ খবৰ বিয়পি পৰিছে সকলোতে। ছচিয়েল মিডিয়া কোম্পানীবোৰে নতুন মধ্যস্থতাকাৰী নিৰ্দেশনা পালন কৰাত বিফল হ'লেই ভাৰতত নিষেধাজ্ঞাৰ সন্মুখীন হ'ব বুলি কৈ থকা হৈছে।
দৰাচলতে দেশৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে এই ছচিয়েল মিডিয়া কোম্পানীবোৰক ২৫ মে'ৰ ভিতৰত চৰকাৰৰ নতুন নিৰ্দেশনা পালন কৰিবলৈ তিনি মাহৰ সময়সীমা বান্ধি দিছিল, কিন্তু এতিয়ালৈকে স্ব-দেশী এপ Kooক বাদ দি আন ছচিয়েল মিডিয়া কোম্পানীবোৰে এই নিৰ্দেশনা মানি লোৱা পৰিলক্ষিত হোৱা নাই।
২৬ মে' অৰ্থাৎ আজিৰে পৰা এই নিয়মবোৰ কাৰ্যকৰী হ'ব যদিও ফেচবুক টুইটাৰকে আদি কৰি আন কোম্পানীবোৰে নতুন নিয়ম কাৰ্যকৰীকৰণৰ বাবে অতিৰিক্ত ৬মাহৰ সময় বিচাৰিছে কেন্দ্ৰৰ পৰা।
এতিয়া প্ৰশ্ন হয়, এই নতুন নিয়ম পালন কৰাত ব্যৰ্থ হ'লে সঁচাকৈয়ে দেশত নিষিদ্ধ কৰা হ'ব নেকি ফেচবুক, টুইটাৰ?
যদিহে এই ছচিয়েল মিডিয়া প্লেটফৰ্মবোৰৰ কোনোৱে চৰকাৰৰ নতুন নিৰ্দেশনাবোৰ পালন নকৰে তেন্তে আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে চৰকাৰে। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে ভাৰতৰ ব্যৱহাৰকাৰীসকলে এই ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহত প্ৰৱেশ কৰিব নোৱাৰিব।
ফেব্ৰুৱাৰীত নিৰ্দেশনাবোৰ ঘোষণা কৰি চৰকাৰে কৈছিল যে নতুন নিয়মবোৰ তৎক্ষণাত কাৰ্যকৰী হ'ব, আনহাতে গুৰুত্বপূৰ্ণ ছচিয়েল মিডিয়া প্ৰদানকাৰীসকলে এই নিয়ম পালনৰ বাবে তিনিমাহৰ সময় লাভ কৰিব। অৰ্থাৎ তিনি মাহৰ সময়সীমাৰ অৰ্থ হৈছে ২৫ মে'ৰ ভিতৰত নিয়মসমূহ পালন কৰা।
গুৰুত্বপূৰ্ণ ছচিয়েল মিডিয়া কোম্পানীবোৰে লাভ কৰা অভিযোগ আৰু পদক্ষেপৰ বিৱৰণ প্ৰকাশ কৰি এখন মাহিলী অনুপালনৰ প্ৰতিবেদন প্ৰকাশ কৰিব লাগিব, লগতে সক্ৰিয়ভাৱে আঁতৰ কৰা সমলৰ বিৱৰণো প্ৰকাশ কৰিব লাগিব। তেওঁলোকৰ ৱেবছাইট বা ম'বাইল এপ বা দুয়োটাতে ভাৰতৰ এক ঠিকনা প্ৰদান কৰিব লাগিব।
ফেচবুক, হোৱাটছএপ, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্ম প্ৰস্তুত কৰিবলৈ নতুন নিয়মবোৰ প্ৰৱৰ্তন কৰা হৈছিল, যিবোৰৰ ব্যৱহাৰ ভাৰতত বিগত কেইবছৰমানত অভূতপূৰ্ব হাৰত বৃদ্ধি পাইছে। তেওঁলোকে প্লেটফৰ্মত আয়োজিত কৰা ভিন্ন সমলৰ বাবে অধিক জবাবদিহি আৰু দায়বদ্ধ।