সংগীতৰ ৰিয়েলিটী শ্ব’ত ইণ্ডিয়ান আইডল (
Indian Idol 12)ক লৈ সম্প্ৰতি ব্যাপক চৰ্চা অব্যাহত আছে। কিছুদিন পূৰ্বে এই শ্ব’লৈ আহিছিল কিশোৰ কুমাৰৰ পুত্ৰ অমিত কুমাৰ। তাৰ পিছতে বিতৰ্কিত মন্তব্যৰে চৰ্চিত হৈ পৰিছে অমিত কুমাৰ। সম্প্ৰতি অমিত কুমাৰৰ সমৰ্থনত থিয় দিছে গায়ক ছনু নিগম। শেহতীয়াকৈ তেওঁ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি ট্ৰ’লাৰসকলক উদ্দেশ্যি কয় যে এই বিষয়টো আৰু আগনবঢ়াব।
ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ছনু নিগমে কেপচনত লিখিছে, ‘‘ইণ্ডিয়ান আইডল আৰু অমিত কুমাৰক লৈ সকলোৰে বাবে এটা বাৰ্তা, আপোনালোক কওঁ যে কিশোৰ কুমাৰক অমিত কুমাৰতকৈ বেছি ভালকৈ কোনেও নাজানে।’’ ভিডিঅ’ত ছনু নিগমে কয় যে ইণ্ডিয়ান আইডলক লৈ কিছুদিনৰ পৰা বিবাদ চলি আছে। মই এই বিষয়ক লৈ নীৰৱ হৈ আছিলো, কিন্তু মই ভাবো এতিয়া মই মাত মাতিব লাগিব। মই ভাৱো তেওঁৰ বক্তব্য ভুলভাৱে তুলি ধৰা হৈছে।
ছনু নিগমে কয়, ‘অমিত কুমাৰ চিধা–চাধা মানুহ। তেওঁ একো নকয় বাবেই আপোনালোকে তাৰ সুযোগ লৈছে। মই ইণ্ডিয়ান আইডল টীমক ক’ব বিচাৰো যে এই বিতৰ্কৰ অন্ত পেলোৱা উচিত। ইয়াত ইণ্ডিয়ান আইডলৰো ভুল নাই অমিত কুমাৰৰো ভুল নাই। ভুল সেইসকল লোকৰ যিয়ে মাজত সোমাই এই বিষয়টোক বাৰে বাৰে উচতাই আছে, যেনে মনোজ জী আৰু আদিত্য।মই সকলোকে ক’ব বিচাৰো যে আপোনালোকে অমিত কুমাৰৰ বিষয়ে একো নক’ব, তেওঁ বহুত জ্যেষ্ঠ মানুহ, আৰু আমাৰ ইণ্ডাষ্ট্ৰীত জ্যেষ্ঠজনক সন্মান কৰা হয়।
উল্লেখযোগ্য যে ইণ্ডিয়ান আইডলত কিশোৰ কুমাৰৰ পুত্ৰ অমিত কুমাৰক আমন্ত্ৰণ জনোৱাৰ পিছতে আৰম্ভ হৈছিল এই বিতৰ্ক। খবৰ অনুসৰি, অমিত কুমাৰ শ্ব’ৰ পৰা ওলাই যোৱাৰ পিছত কৈছিল যে তেওঁক প্ৰতিযোগীসকলক প্ৰশংসা কৰিবলৈ কৈছিল শ্ব’ মেকাৰ্ছে। কোনো প্ৰতিযোগীৰ প্ৰদৰ্শন তেওঁৰ ভাল লগা নাছিল। এই শ্ব’ৰ বিচাৰক মনোজ মুন্তাশিৰেও এই বিতৰ্কক লৈ নিজৰ মন্তব্য প্ৰকাশ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|