বিগত কিছুদিন ধৰি চলি থকা বিতৰ্কৰ বাবে চৰ্চাত আছে গানৰ ৰিয়েলিটী শ্ব' 'ইণ্ডিয়ান আইডল ছিজন ১২ ( (Indian Idol 12)। ছচিয়েল মিডিয়াত ব্যৱহাৰকাৰীসকলে কেতিয়াবা যদি শ্ব'টোৰ নিৰ্মাতা আৰু বিচাৰকসকলৰ ওপৰত খং প্ৰকাশ কৰিছে, কেতিয়াবা আকৌ প্ৰতিযোগীসকলকো ট্ৰ'ল কৰা আৰম্ভ কৰিছে। ইয়াকে লৈ শেহতীয়াকৈ মত প্ৰকাশ কৰিছে ৯০ৰ দশকত বলীউদত নিজৰ গীতেৰে সকলোকে মোহিত কৰি ৰখা কুমাৰ ছানুৱে। তেওঁ কয় যে ইণ্ডিয়ান আইডলৰ দৰে গানৰ ৰিয়েলিটী শ্ব'ৱে প্ৰতিভা বিচাৰি উলিওৱাৰ এখন মঞ্চ প্ৰদান কৰে।
হিন্দুস্তান টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কুমাৰ ছানুৱে বিগত কেইবছৰমানত কিদৰে সংগীত উদ্যোগটো সলনি হৈছে সেই সম্পৰ্কে উল্লেখ কৰে। ইণ্ডিয়ান আইডল শ্ব’টোক লৈ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ ছানুৱে কয় এনেদৰে "যিমানেই চৰ্চা হ'ব, সিমানেই TRP বাঢ়িব, বুজি উঠক সেই কথা! ই কোনো ডাঙৰ কথা নহয়। প্ৰতিভাই ইয়াৰ পথ বিচাৰি পায় আৰু এই অনুষ্ঠানবোৰে প্ৰতিভাক আগলৈ আনি দিয়ে। কেৱল ইণ্ডিয়ান আইডলেই নহয়, প্ৰতিটো অনুষ্ঠানেই এনে প্ৰতিভাক ৰাজহুৱা মঞ্চলৈ আনিছে। তেওঁলোকে হয়তো সংগীতৰ উদ্যোগত সুবিধা লাভ নকৰিব পাৰে, কিন্তু এই মঞ্চসমূহত তেওঁলোকে কাম কৰা আৰু টকা উপাৰ্জন কৰা সুবিধা পাব পাৰে।
লক্ষ্যণীয় যে শেহতীয়াকৈ পিতৃ দিৱস বিশেষ খণ্ডৰ পিছতে আকৌ এবাৰ 'ইণ্ডিয়ান আইডল'ৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত দৰ্শকৰ খং দেখা গৈছিল। ছচিয়েল মিডিয়াত ইয়াক দৈনিক দোকানৰ সৈতে তুলনা কৰা হৈছে। ভাইৰেল হৈ পৰিছিল ভিন্ন মিমছ। দৰাচলতে, পিতৃ দিৱসৰ বিশেষ খণ্ডটো শনিবাৰে সম্প্ৰচাৰিত হৈছিল। সকলো প্ৰতিযোগীয়ে পিতৃৰ বাবে বিশেষ গীত পৰিৱেশন কৰিছিল। তাৰ পিছতেই বহু ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী দৰ্শকে কৈছিল যে নিৰ্মাতাসকলে অনুষ্ঠানটোৰ মূল প্লটৰ পৰা আঁতৰিছে আৰু ইয়াক দৈনিক দোকান কৰি তুলিছে।
অনুষ্ঠানটোক লৈ বিতৰ্কৰ সৃষ্টি হোৱা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও কণ্ঠশিল্পী অমিত কুমাৰে কৰা এটা মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। তেওঁ কৈছিল যে তেওঁক প্ৰতিযোগীৰ প্ৰশংসা কৰিবলৈ কোৱা হৈছিল, যি মন্তব্যই আচৰিত কৰি তুলিছিল সকলোকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|