সংগীতৰ ৰিয়েলিটী শ্ব’ ইণ্ডিয়ান আইডল ১২ (Indian Idol 12)ক লৈ ব্যাপক চৰ্চা অব্যাহত আছে। শেহতীয়াকৈ শ্ব’ৰ পৰা ছৱাই ভাট বাহিৰ হৈছিল, যাক লৈ অনুৰাগীসকল নিৰাশ হৈ পৰিছিল। ছৱাই ভাট বাহিৰ হোৱাক লৈ অমিতাভ বচ্চনৰ নাতিনী নব্যা নভেলী নন্দায়ো দুখ প্ৰকাশ কৰিছিল। এতিয়া আন এগৰাকী প্ৰতিযোগী আশিস কুলকাৰ্ণী ভোটয়ে কম ভোট পোৱাৰ ফলত শ্ব’ৰ পৰা বাহিৰ হ’বলগীয়া হয়। অৰ্থাৎ আশিসে টপ–৬ত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল। যাক লৈ অনুৰাগীসকল নিৰাশ হৈ পৰিছে। আশিস শ্ব’ৰ পৰা বাহিৰ হোৱাত অনুৰাগীয়েই নহয় প্ৰতিযোগীসকলো ভাবুক হৈ পৰে।
যেতিয়াই আশিস কুলকাৰ্ণী শ্ব’ৰ পৰা বাহিৰ হোৱাৰ কথা ঘোষণা কৰাৰ লগে লগে উচুপি উঠিল আন প্ৰতিযোগীসকল। বিশেষকৈ সন্মুখপ্ৰিয়া আৰু শাইলী কাম্বলেক অধিক আবেগিক হৈ পৰা দেখা যায়। দুয়ো আশিসক সাবটি ধৰি কান্দিবলৈ ধৰে। আবেগিক হৈ পৰে শাইলীৰ পিতৃ আৰু সন্মুখপ্ৰিয়াৰ মাতৃও।
ছচিয়েল মিডিয়াতো আশিস কুলকাৰ্ণী বাহিৰ হোৱাক লৈ বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইবাৰ শ্ব’ত আশা ভোশলে (Asha Bhosle) স্পেচিয়েল গেষ্ট হিচাপে উপস্থিত আছিল। প্ৰতিযোগীসকলে আশা ভোশলেৰ গানেই গাইছিল। আশিসে এই খণ্ডত ‘অভী না জাও ছোড়কে’ আৰু ‘দিল লেনা খেল হ্যে দিলদাৰ কা’ গান দুটা গাই আশা ভোশলেৰ প্ৰশংসা লাভ কৰিছিল।
ইয়াৰ পিছতে শ্ব’ৰ বিচাৰক অনু মালিকে এইবাৰ সিদ্ধান্ত সম্পূৰ্ণ জনতাৰ বুলি কৈ আটাইকেইগৰাকী প্ৰতিযোগীক মঞ্চলৈ আহিবলৈ কয়। শ্ব’ৰ বিচাৰক অনু মালিকে আটাইতকৈ বেছি ভোট লাভ কৰা প্ৰতিযোগী অৰুণিতা কাঞ্জিলালৰ নাম ঘোষণা কৰে। শেষত সেইগৰাকী প্ৰতিযোগীৰ নাম ঘোষণা কৰে যাৰ ইণ্ডিয়ান আইডলৰ যাত্ৰা ইমানতে শেষ হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|