உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Hina Khan Viral Video : হিনা খানৰ অৱস্থা হ'ল কাহিল, পাপাৰজিক দেখি কঁপিব ধৰিলে ভয়তে, চাওক ভিডিঅ'

    Hina Khan Viral Video : হিনা খানৰ অৱস্থা হ'ল কাহিল, পাপাৰজিক দেখি কঁপিব ধৰিলে ভয়তে, চাওক ভিডিঅ'

    Hina Khan Viral Video : হিনা খান ঘৰত প্ৰৱেশ কৰাৰ আগে আগে যথেষ্ট নাৰ্ভাছ হৈ পৰে আৰু তেওঁৰ এই ভয় তেওঁৰ মুখত স্পষ্টভাৱে দেখা যায়। হিনা খানে নীলা লেহেংগা পিন্ধি আহিছিল।

    • Share this:
    হিনা খানক যোৱা নিশা একতা কাপুৰৰ দীপাৱালী উদযাপনত দেখা গৈছিল (Ekta Kapoor Diwali Bash Photos)। এই সময়ছোৱাত, তেওঁ নীলা লেহেংগা-চোলি পিন্ধিছিল। তেওঁক এই পোছাকত ধুনীয়া লাগিছিল। দেৱালীৰ পাৰ্টিত প্ৰৱেশৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এই ভিডিঅ'টোত হিনা খানক ভয়ত বিতত হোৱা দেখা গৈছে। তেওঁ ইমান নাৰ্ভাছ আছিল যে পাপাৰাজীক পিছুৱাই যাবলৈ কৈছিল। কেৱল সেয়াই নহয়, ভিডিঅ'টোত পাপাৰাজীৰ সৈতে তৰ্ক-বিতৰ্ক কৰাও শুনা গৈছে।

    এই ভাইৰেল ভিডিঅ'টোত হিনা খান (Hina Khan Viral Video) তেওঁৰ গাড়ীৰ পৰা নামি একতা কাপুৰৰ ঘৰৰ ফালে যায়। ইয়াৰ মাজতে পাপাৰাজীয়ে তেওঁক আগুৰি ধৰে। তেওঁ পাপাৰজিৰ কৱলৰ পৰা ওলাই যাবলৈ আৰু আৰামেৰে ফটো-ভিডিঅ' ল'বলৈ কয়। হিনাৰ দেহৰক্ষীসকলে তেওঁক চাৰিওফালে আৱৰি ৰাখে। হিনা আগবাঢ়ি যোৱাৰ লগে লগে এজন পাপাৰাজীৰ সৈতে তৰ্ক হয় আৰু ইজনে সিজনৰ সৈতে ঠেলা-ঠেলি বন্ধ কৰিবলৈ কৈ থকা  মাত এটা শুনা পোৱা যায়।

    হিনা খান ঘৰত প্ৰৱেশ কৰাৰ আগে আগে যথেষ্ট নাৰ্ভাছ হৈ পৰে আৰু তেওঁৰ এই ভয় তেওঁৰ মুখত স্পষ্টভাৱে দেখা যায়। হিনা খানে নীলা লেহেংগা পিন্ধি আহিছিল। হিনাই তেওঁৰ চেহেৰাটো প্লাংগিং নেকলাইন, বেণ্ডগালা নেকলেচ আৰু আঙুলিত আঙুঠিৰ সৈতে মিলা  বেগৰ সৈতে আকৰ্ষণীয় কৰি তুলিছিল। নীলা চকুৰ মেকআপ আৰু হাইলাইট কৰা গালৰ সৈতে হিনাই ধুনীয়া লুক দিছিল। এই ৰূপত হিনাক অত্যন্ত ধুনীয়া লাগিছিল।
    Published by:Manjumoni Borah
    First published: