কোৰোণাত আক্ৰান্ত পৱনদীপে এতিয়া শ্ব’ৰ মঞ্চত গান গাব নোৱাৰিব।
কোৰোণাত আক্ৰান্ত পৱনদীপে এতিয়া শ্ব’ৰ মঞ্চত গান গাব নোৱাৰিব।
Indian Idol 12ৰ হোষ্ট আদিত্য নাৰায়ণ (Aditya Narayan) কিছুদিন পূৰ্বে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছিল। তাৰ পিছত শ্ব’ৰ জনপ্ৰিয় প্ৰতিযোগী পৱনদীপ ৰাজন (Pawandeep Rajan)ৰ কোৰোণা টেষ্টৰ ৰিজাল্ট ওলাল পজিটিভ।
ৰিয়েলিটী শ্ব’ৰ সৈতে জড়িত এক সূত্ৰই কয় যে কোভিডত আক্ৰান্ত হোৱাৰ ফলত পৱনদীপ ৰাজনক হোটেলৰ এটা কোঠাত কোৱাৰেণ্টাইন কৰা হৈছে। সুস্থ হোৱাৰ পিছতহে তেওঁ শ্ব’লৈ উভতিব পাৰিব।
পৱনদীপ কোভিড–১৯ত আক্ৰান্ত হোৱাৰ পিছত শ্ব’ৰ আন সকলো প্ৰতিযোগী, বিচাৰক আৰু হোষ্টৰ লগতে ছেটলৈ আহিবলগীয়া আৰু বেকষ্টেজ শ্ব’ৰ সৈতে জড়িত লোকসকলৰ কোভিড টেষ্ট কৰোৱা হৈছে। কিন্তু এতিয়া এইসকল লোকৰ টেষ্টৰ ৰিপ’ৰ্ট আহিবলৈ বাকী আছে।
আদিত্য নাৰায়ণ কোৰোণা পজিটিভ হোৱাৰ পিছত শ্ব’টো বৰ্তমান ৰিত্বিক ধনজানীয়ে হোষ্ট কৰি আছিল। বিশাল দাদলানী, হিমেশ ৰেছামিয়া আৰু নেহা কক্কৰ Indian Idol 12ৰ বিচাৰক ৰূপে আছে।
উল্লেখযোগ্য যে সতৰ্কতা অৱলম্বনৰ বাবে শ্ব’ৰ কেইবাগৰাকীও প্ৰতিযোগীক জুহুৰ এখন হোটেলত বায়’ বাবলত ৰখা হৈছে। উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনে কিছুদিন ধৰি সামান্য জ্বৰ আৰু দুৰ্বল অনুভৱ কৰি আছিল। যাৰ বাবে কৰ্তৃপক্ষই তেওঁৰ কোভিড টেষ্ট কৰোৱাত ৰিপ’ৰ্ট পজিটিভ আহে।
কোৰোণাত আক্ৰান্ত পৱনদীপে এতিয়া শ্ব’ৰ মঞ্চত গান গাব নোৱাৰিব। তেওঁ এতিয়া হোটেলৰ কোঠাৰ পৰা ভাৰ্ছুৱেলী নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব লাগিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|