বিগ বছ ১৩ (Big Boss 13) বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ (Sidharth Shukla) মৃত্যু হৈছে। ৪০ বছৰ বয়সত তেওঁ বিশ্বক বিদায় জনায়। তথ্য অনুসৰি, হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছে (Sidharth Shukla Heart Attack Death)।
বিগ বছ ১৩ (Big Boss 13) বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ (Sidharth Shukla) মৃত্যু হৈছে। ৪০ বছৰ বয়সত তেওঁ বিশ্বক বিদায় জনায়। তথ্য অনুসৰি, হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছে (Sidharth Shukla Heart Attack Death)।
বিগ বছ ১৩ (Big Boss 13) বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ (Sidharth Shukla) মৃত্যু হৈছে। ৪০ বছৰ বয়সত তেওঁ বিশ্বক বিদায় জনায়। তথ্য অনুসৰি, হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছে (Sidharth Shukla Heart Attack Death)। তেওঁৰ নশ্বৰ দেহ বৰ্তমান কুপাৰ চিকিৎসালয়ত আছে আৰু পঞ্চনামা সম্পন্ন কৰা হৈছে। বুধবাৰে নিশা শুবলৈ যোৱাৰ আগতে তেওঁ কিছু ঔষধ লৈ শুইছিল, কিন্তু ৰাতিপুৱা সাৰ পোৱা নাছিল।
সিদ্ধাৰ্থ শুক্লাৰ (Sidharth Shukla) আকস্মিক মৃত্যুয়ে সমগ্ৰ উদ্যোগটোত শোকান্বিত কৰি তুলিছে। কোনেও এইটো বিশ্বাস কৰিবলৈ ইচ্ছুক নহয়। সকলো অভিনেতা আৰু অভিনেত্ৰীৰ দ্বাৰা সিদ্ধাৰ্থ শুক্লালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। শেহতীয়াকৈ সিদ্ধাৰ্থক কৰণ জোহৰৰ অনুষ্ঠান বিগ বছ অ'টিটিত শ্বাহনাজ গিলৰ (Shehnaaz Gill) সৈতে দেখুওৱা হৈছিল।
সিদ্ধাৰ্থ শুক্লাই ২০০৮ চনত টিভি অনুষ্ঠান 'বাবুল কা অংগন ছুটে না'ৰ জৰিয়তে কেৰিয়াৰত আত্মপ্ৰকাশ কৰিছিল। তাৰ পিছত তেওঁ 'জানে পেহচানে চে অজনবী', 'চিআইডি', 'বালিকা বধু' আৰু 'লাভ ইউ জিন্দেগী' আৰু বহুতো ৰিয়েলিটি শ্ব'ৰ দৰে টিভি অনুষ্ঠানত অভিনয় কৰিছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|