শ্বুটিঙৰ মাজতে হাৰনেছত ওলমি থকা অভিনেতা হ’ল অচেতন, অক্ষয় কুমাৰে উদ্ধাৰ কৰা Video Viral

কমেডিয়ান আলী অছগৰ আৰু এক্টৰ–হোষ্ট পৰিতোষ ত্ৰিপাঠীয়ে এটা বিশেষ এক্টৰ কাৰণে হাৰনেছত ওলমি আছিল। হঠাৎ পৰিতোষ অচেতন হ’ল। 

News18-Assam
Updated:October 4, 2019, 6:09 PM IST
শ্বুটিঙৰ মাজতে হাৰনেছত ওলমি থকা অভিনেতা হ’ল অচেতন, অক্ষয় কুমাৰে উদ্ধাৰ কৰা Video Viral
কমেডিয়ান আলী অছগৰ আৰু এক্টৰ–হোষ্ট পৰিতোষ ত্ৰিপাঠীয়ে এটা বিশেষ এক্টৰ কাৰণে হাৰনেছত ওলমি আছিল। হঠাৎ পৰিতোষ অচেতন হ’ল। 
News18-Assam
Updated: October 4, 2019, 6:09 PM IST
এটা টিভি শ্ব’ৰ ছেটত এজন অচেতন হৈ পৰা অভিনেতাক অক্ষয় কুমাৰে তৎপৰতাৰে ৰক্ষা কৰাক লৈ সৃষ্টি হৈছে চৰ্চাৰ। অক্ষয় কুমাৰৰ ফিটনেছৰ কথা সকলোৱে জানে আৰু সময়ত তৎপৰতাৰে অক্ষয়ে অভিনেতাজনক সহায় কৰাৰ পিছতে সকলোৱে তেওঁক প্ৰশংসা কৰিছে। দৰাচলতে অক্ষয় কুমাৰে নিজৰ আগন্তুক ছবি ‘হাউছফুল ৪’ৰ প্ৰম’চনৰ কাৰণে মণিষ প’লৰ টিভি শ্ব’ মুভি মস্তিত উপস্থিত হৈছিল।

এই শ্ব’ত কমেডিয়ান আলী আছগৰ আৰু এক্টৰ–হোষ্ট পৰিতোষ ত্ৰিপাঠীয়ে এটা এক্টৰ কাৰণে হাৰনেছত ওলমি আছিল। হঠাৎ পৰিতোষ অচেতন হৈ পৰে, শূণ্যতে ওলমি থকা পৰিতোষৰ ঠিক তলত এটা পানীৰ এটা ডাঙৰ টেংক আছিল। ঘটনাৰ তাৎক্ষণিকতাত লগত ওলমি থকা আলী আছগৰে একো ততকে ধৰিব নোৱাৰিলে। ছেটত উপস্থিত কোনেও বুজি পোৱা নাছিল যে হঠাৎ কি হ’ল।

অক্ষয় কুমাৰে এনেকৈ ৰক্ষা কৰিলে প্ৰাণ

পৰিতোষৰ ওচৰলৈ কোনোবা যোৱাৰ আগতেই অক্ষয়ে তৎক্ষণাত দৌৰি আহে আৰু হাৰনেছত ওলমি থকা পৰিতোষক নিজৰ কোলালৈ লৈ আনে। অক্ষয়ে ক্ৰু মেম্বাৰৰ সহায়ত অচেতন পৰিতোষক তললৈ নমাই আনে। এই সমগ্ৰ দৃশ্যৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।




 

উল্লেখযোগ্য যে পৰিতোষক ৰিয়েলিটী ডান্সিং শ্‍ব’৸ ‘ছুপাৰষ্টাৰ ডান্সাৰ’ত ‘মামা’ৰ চৰিত্ৰত হোষ্ট হিচাপে দেখা যায়। তেওঁৰ সৈতে ওলমি থকা আলী আছগৰ কপিল শৰ্মাৰ শ্ব’ত ইয়াৰ আগতে আছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি