মুম্বাইঃ ছচিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ থকা টিভি অভিনেত্ৰী তথা বিগ বছ১৩ৰ প্ৰতিযোগী অসমৰ দেৱলীনা ভট্টাচাৰ্য পুনৰ চৰ্চালৈ আহিছে। লকডাউনৰ মাজতে তেওঁৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইমৰ অধীনত গোচৰ ৰুজু কৰিছে এক্টৰ তথা ৰিয়েলিটী শ্ব’ ‘মুঝছে ছাদী কৰোগে’ৰ প্ৰতিযোগী ময়ুৰ বাৰ্মাই। দেৱলীনাই তেওঁক অপমান কৰা আৰু হেয় প্ৰতিপন্ন কৰাৰ অভিযোগত গোচৰ তৰাৰ কথা ময়ুৰে টুইটাৰত প্ৰকাশ কৰিছে।
দৰাচলতে ছচিয়েল মিডিয়াত দুয়োৰে মাজত প্ৰথমে তৰ্কাতৰ্কি হৈছিল সিদ্ধাৰ্থ শুক্লা আৰু চেহনাজ গীলৰ গান ‘ভুলা দুংগা’ ৰিলীজ হোৱাৰ পিছত। দেৱলীনাই গানটোক লৈ আলোচনা কৰাৰ পিছতে ময়ুৰৰ সৈতে তেওঁৰ তৰ্কাতৰ্কি হয়। এতিয়া ময়ুৰে দেৱলীনাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।
অভিযোগৰ এক ছবি শ্বেয়াৰ কৰি তেওঁ কেপশ্যন লিখিছে, ‘কথাবোৰ যথেষ্ট বাঢ়ি গ’ল। সেইকাৰণে মই চাইবাৰক্ৰাইমলৈ গ’লো। এতিয়া সকলো তেওঁলোকৰ হাতত। মই বিশ্বাসী যে চাইবাৰ ক্ৰাইমে শীঘ্ৰেই ব্যৱস্থা ল’ব।’
আনহাতে দেৱলীনাই এই অভিযোগক পাব্লিচিটী ষ্টাণ্ট আখ্যা দিছে। তেওঁ কয় যে, তেওঁ কোনো ময়ুৰ বাৰ্মাক চিনি নাপায় আৰু একেবাৰে বুজি পোৱা নাই যে তেওঁৰ নাম কিয় লৈ আছে। এইটো এক পাব্লিচিটী ষ্টাণ্ট হ’ব পাৰে। মই আওকাণ কৰাত বিশ্বাসী। মই এই ব্যক্তিজনক না চিনি পাওঁ না তেওঁৰ অভিযোগ।’
ময়ুৰ বাৰ্মা চেহনাজ গীলৰ ভাল বন্ধু বুলি পৰিচিত। ‘মুঝছে ছাদী কৰোগে’ত ময়ুৰ আৰু চেহনাজৰ বন্ধুত্ব যথেষ্ট চৰ্চাত আছিল। তেতিয়াও ময়ুৰ কেতিয়াবা পাৰস অথবা দেৱলীনাৰ ফেন্সৰ আক্ৰমণৰ লক্ষ্য হৈছিল। ময়ুৰে টুইট কৰাৰ লগে লগে যথেষ্ট সংখ্যক লোকে তেওঁক সমৰ্থন কৰাও দেখা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|