বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয় যাত্ৰাত সম্প্ৰতি আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে টোকোৰা চৰাই। সময় থাকোতেই সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বাৰীৰ কোনোবা এচুকৰ কুঁহিয়াৰ আৰু তামোলৰ পাতত ওলমি ওলমি বাঁহ সাজি কিৰিলি মাৰি থকা চৰাইবিধ আমাৰ মাজৰ পৰা হেৰাই যাব !
বিনন্দীয়া প্ৰকৃতিৰ অপূৰ্ব সূষ্টি গছবৃক্ষত এতিয়া চৰাইৰ কাকলি। মানৱে প্ৰকৃতিৰ ধ্বংস কৰা বিপৰীতে অজান চৰাইয়ে সুৰক্ষিত স্থানত বাহ সাজি আশ্ৰয় লৈছে প্ৰকৃতিৰ বুকুত। তাৰ ভিতৰত অন্যতম টোকোৰা চৰাই।
কোনো কোনো ঠাইত এই চৰাইবিধক তাঁতী চৰাই বুলিও জনাজাত। অসমৰ গ্ৰাম্য অঞ্চলত সততে দেখিবলৈ পোৱা এই চৰাইবিধে বিশেষকৈ তামোল গছ আৰু কুঁহিয়াৰ গছত সুন্দৰকৈ বাহ সাজি বসবাস কৰে। বসন্তৰ আগমনৰ লগে টোকোৰা চৰায়ে নিজৰ জীৱনচক্ৰ বৰ্তাই ৰখাৰ উদ্দেশ্যে আৰম্ভ কৰে বাহ সজাৰ কাম। মানুহৰ সংগৰ পৰা নিৰ্দিষ্ট দূৰত্বত বসতি কৰা চৰাইবিধৰ বাহ সজাৰ কলা কৌশল সঁচাকৈ আকৰ্ষণীয়।
সুন্দৰ কলা কৌশলেৰে নিজ সন্তানক সুৰক্ষিতভাৱে বাহত ৰাখি অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে টোকোৰা চৰাইয়ে । যিকোনো প্ৰকৃতিপ্ৰেমীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠা টোকোৰা চৰাই অসমৰ পক্ষীকূলৰ বাবে এক অপূৰ্ব সমাহাৰ। পিছে আজিৰ দিনত ক্ৰমাৎ নোহোৱা হৈছে টোকোৰা চৰাই।
যান্ত্ৰিকতাৰ এই পৃথিৱীখনত পৰিৱেশ প্ৰদূষণ নগৰ অঞ্চল বৃদ্ধি, গছ-গছনি হ্রাস আৰু কৃষিভূমিৰ পৰিমাণ হ্রাস হোৱাৰ বাবেই বিপন্ন হৈছে টোকোৰা চৰাইৰ প্ৰজন্মৰ পিছত প্ৰজন্ম। পক্ষী বিশেষজ্ঞ সকলৰ মতে বিভিন্ন চিকাৰী চৰাইৰ ত্ৰাসত থকাৰ বাবেই টোকোৰা চৰাইৰ গড় আয়ুস একেবাৰে কম। জন্ম-মৃত্যুৰ হাৰৰ তাৰতম্যৰ বাবেও চৰাইবিধৰ বিচৰণ কমি আহিছে । যিয়েই নহওঁক সম্প্ৰতি টোকোৰা চৰাইবিধৰ সংৰক্ষণ অতিকৈ প্ৰয়োজন হৈ পৰিছে। কাৰণ মানৱ জাতিৰ উচ্চাকাংক্ষী জীৱন যাপনে প্ৰকৃতি আৰু চৰাই মাজত এক দূৰত্ব প্ৰায়ে সূষ্টি কৰি আহিছে। সেয়েহে অসমৰ প্ৰকৃতি প্ৰেমী সংগঠন সমূহে সময় থাকোতেই এই টোকোৰা চৰাই বিধক সংৰক্ষণৰ বাবে আগবাঢ়ি আহিব লাগিব, অন্যথা অচিৰেই বিলুপ্ত হ'ব খেয়ালী প্ৰকৃতিত বিচৰণ কৰা টোকোৰা চৰাই।
Published by: Kokil Sarma
FIRST PUBLISHED : March 23, 2022, 14:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।