Truecaller–এ আৰম্ভ কৰিছে বিশেষ ফোন নিৰ্দেশিকা! কঠিন সময়ত হাস্পতালৰ তথ্য লাভ কৰাত ইয়ে সহায় কৰিব আপোনাক

News18 Assam | News18-Assam
Updated:April 29, 2021, 3:21 PM IST
Truecaller–এ আৰম্ভ কৰিছে বিশেষ ফোন নিৰ্দেশিকা! কঠিন সময়ত হাস্পতালৰ তথ্য লাভ কৰাত ইয়ে সহায় কৰিব আপোনাক
কলাৰ আইডি সেৱা প্ৰদানকাৰী Truecaller–এ কয় যে এই নিৰ্দেশিকা(Directory) এপত বনোৱা হৈছে। ইয়াক মেন্যু বা ডায়েলাৰেৰে জানিব পৰা যাব।

কলাৰ আইডি সেৱা প্ৰদানকাৰী Truecaller–এ কয় যে এই নিৰ্দেশিকা(Directory) এপত বনোৱা হৈছে। ইয়াক মেন্যু বা ডায়েলাৰেৰে জানিব পৰা যাব।

  • Share this:
দেশত হঠাৎ পুনৰ বৃদ্ধি পোৱা কোৰোণা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ ফলত এক হাহাকাৰময় পৰিৱেশে বিৰাজ কৰি আছে সমগ্ৰ দেশতে। কেৱল অক্সিজেন, বিচনা, অক্সিজেন চিলিণ্ডাৰ বা চিকিৎসালয়ত ভেণ্টিলেটৰেই নহয়, কাৰ্যকৰী বুলি গণ্য কৰা ঔষধ লাভ কৰাতো লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। যাৰ পৰিপ্ৰেক্ষিতত সংকটৰ এই সময়ত দেশৰ বহু সংখ্যক কোম্পানীৰ লগতে সাধাৰণ মানুহেও সহায়ৰ বাবে হাত আগবঢ়াইছে। এনে এক জটিল সন্ধিক্ষণতে টেলিফোন ছাৰ্চ ইঞ্জিন আৰু কলাৰ আইডি সেৱা প্ৰদানকাৰী Truecaller–এ কোভিড হাস্পতালৰ এখন ফোন নিৰ্দেশিকা (Phone Directory) মুকলি কৰিছে।

Truecaller ব্যৱহাৰকাৰীসকলে এই ফোন নিৰ্দেশিকা (Phone Directory)ৰ জৰিয়তে তেওঁলোকৰ এলেকাৰ কোভিড হাস্পতালৰ আৰু যত্নৰ সুবিধা বিচাৰি উলিয়াবলৈ সক্ষম হ'ব। কোম্পানীটোৱে কয় যে এই নিৰ্দেশিকা এপত সৃষ্টি কৰা হৈছে। ই ব্যৱহাৰকাৰীসকলক মেন্যু বা ডায়েলাৰৰ জৰিয়তে ইয়াক সহজে লাভ কৰিবলৈ অনুমতি দিব। Truecaller–এ কয় যে কোভিড হাস্পতালৰ এই ফোন নিৰ্দেশিকাত কেইবাখনো ৰাজ্যৰ চিকিৎসালয়ৰ টেলিফোন নম্বৰ আৰু ঠিকনা অন্তৰ্ভুক্ত কৰা হৈছে। লগতে কোম্পানীটোৱে স্পষ্ট কৰি দিছে যে এই ফোন নম্বৰ আৰু ঠিকনাবোৰ চৰকাৰী ডাটাবেচৰ পৰা লোৱা হৈছে।

ইপিনে টেলিফোন চাৰ্চ ইঞ্জিনে জনায় যে এই সুবিধাটোৱে ব্যৱহাৰকাৰীসকলক এটা চাৰ্চ বুটামত ক্লিক কৰিয়েই যিমান সম্ভৱ সোনকালে প্ৰয়োজনীয় তথ্য বিচাৰি উলিওৱাত সহায় কৰিব। যদিও ই চিকিৎসালয়ত অক্সিজেন বিচনা উপলব্ধ আছে নে নাই, সেয়া দেখুৱাব নোৱাৰে। কোম্পানীটোৱে কয় যে আমি প্ৰতিদিনে ইয়াক আপডেট কৰি আছো, ই লগতে ভাৰতৰ সকলো প্ৰান্তৰ কোৰোণা চিকিৎসালয়ৰ ফোন নম্বৰ আৰু ঠিকনা উপলব্ধ হ'ব নে নহয় সেয়াও নিশ্চিত কৰিব।

এই সুবিধাটো লাভ কৰিবলৈ আপুনি এই এপটো প্লে' ষ্টোৰত আপডেট কৰক। এতিয়ালৈকে ইয়াক কেৱল এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: April 29, 2021, 3:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি