সংসদত আজি তিনি তালাক বিল উত্থাপন কৰিব কেন্দ্ৰই

News18-Assam
Updated:July 25, 2019, 12:18 PM IST
সংসদত আজি তিনি তালাক বিল উত্থাপন কৰিব কেন্দ্ৰই
লোকসভাত আজি উত্থাপন কৰিব তিনি তালাক বিল। ফলত সংসদত আজি সকলো সাংসদক উপস্থিত থাকিবৰ বাবে হুইপ জাৰি কৰিছে বিজেপিয়ে

লোকসভাত আজি উত্থাপন কৰিব তিনি তালাক বিল। ফলত সংসদত আজি সকলো সাংসদক উপস্থিত থাকিবৰ বাবে হুইপ জাৰি কৰিছে বিজেপিয়ে

  • Share this:
বৃহস্পতিবাৰে সংসদত উত্থাপন কৰা হ’ব তিনি তালাক বিল। তিনি তালাক বিলক লৈ বিগত বহুদিন চলি আছে বিভিন্ন বিতৰ্ক। সেইসময়তে সকলো জল্পনা কল্পনা অৱসান ঘটাই বৃহস্পতিবাৰে সংসদৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব তিনি তালাক বিল। বিল খন উত্থাপন কৰাৰ প্ৰাক মুহূৰ্তত সংসদত আজি সকলো সাংসদক উপস্থিত থাকিবৰ বাবে হুইপ জাৰি কৰিছে বিজেপিয়ে। সেইদৰে আগন্তুক দুদিন সংসদত দলৰ সকলো সদস্য উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে কংগ্ৰেছ দলেও। ২১ জুন তাৰিখে বাজেট অধিবেশনৰ পঞ্চম দিনা বিৰোধীৰ আপত্তিৰ বাবে এই বিলখনৰ খচৰা প্ৰস্তুত কৰা হৈছিল। ইছলাম ধৰ্মীয় মহিলাৰ সৰ্বতো প্ৰকাৰৰ উৎকৰ্ষ সাধনৰ বাবে এই বিল খন উত্থাপন কৰাতো অত্যন্ত প্ৰয়োজনীয় বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰে।
First published: July 25, 2019, 12:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি