• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৰাখে হৰি মাৰে কোনে! চলন্ত ৰে'লে চোঁচৰাই লৈ গ'ল বহুদূৰ, তাৰ পিছত...চাওক এই শিহৰণকাৰী ভিডিও

ৰাখে হৰি মাৰে কোনে! চলন্ত ৰে'লে চোঁচৰাই লৈ গ'ল বহুদূৰ, তাৰ পিছত...চাওক এই শিহৰণকাৰী ভিডিও

ৰে'লৱে প্ৰটেকশ্যন ফোৰ্চৰ এগৰাকী জোৱানৰ তৎপৰতাৰ প্ৰাণ ৰক্ষা পৰিল এগৰাকী দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিৰ জীৱন।

ৰে'লৱে প্ৰটেকশ্যন ফোৰ্চৰ এগৰাকী জোৱানৰ তৎপৰতাৰ প্ৰাণ ৰক্ষা পৰিল এগৰাকী দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিৰ জীৱন।

ৰে'লৱে প্ৰটেকশ্যন ফোৰ্চৰ এগৰাকী জোৱানৰ তৎপৰতাৰ প্ৰাণ ৰক্ষা পৰিল এগৰাকী দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিৰ জীৱন।

  • Share this:
ছচিয়েল মিডিয়াত যিসমূহ ফটো বা ভিডিও ভাইৰেল হয়, তাৰে কিছুমান চালে হাঁহি উঠাৰ বিপৰীতে কিছুমান দেখিলে চকু কঁপালত উঠে। আৰু তেনে ভিডিও বা ফটো দেখিলে তোলপাৰ লাগে সৰ্বত্ৰ। এইবাৰ তেনে এটা ভিডিওই ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিওটো দেখিলে গাৰ নোম থিয় হৈ যাব আপোনাৰ। কিদৰে নিশ্চিত মৃত্যু মুখৰ পৰা কথমপি ৰক্ষা পৰো লোকজন, ভিডিও দেখিলেহে বুজিব পাৰিব।

যাত্ৰীৰ সুৰক্ষাৰ বাবে সদায় তৎপৰ হৈ থাকে ভাৰতীয় ৰে'ল। এইবাৰ ৰে'লৱে প্ৰটেকশ্যন ফোৰ্চৰ এগৰাকী জোৱানৰ তৎপৰতাৰ প্ৰাণ ৰক্ষা পৰিল এগৰাকী দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিৰ জীৱন। সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিওটো।



জনা গৈছে যে, ২৩ জানুৱাৰীত মহাৰাষ্ট্ৰৰ ভাচাই ষ্টেচনত এখন চলন্ত ৰে'ল ধৰিবলৈ চেষ্টা কৰিছিল এই ব্যক্তিজনে। দৌৰি দৌৰি হঠাৎ শৰীৰৰ ভাৰসাম্য হেৰুৱাই ট্ৰেইনৰ মাজত পৰি যায়। ট্ৰেইনখনে লোকজনক টানি লৈ যাব কেইমিটাৰ মান। ঘটনাটো দেখা পাই সেই ব্যক্তিজনক উদ্ধাৰ কৰিবলৈ দৌৰি আহে কৰ্তব্যৰত আৰপিএফ জোৱানজন। দৌৰি জপিয়াই কোনো ভাবে সেই ব্যক্তিজনক ট্ৰেইনৰ পৰা টানি আনিবলৈ সক্ষম হয় জোৱানজন। তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে ষ্টেচনত থকা অন্য যাত্ৰীও।
Published by:Himangshu Bhuyan
First published: