চুপাৰ 30 ত ঋত্বিকৰ ব্যতিক্ৰম ৰূপ চালেনে? ট্ৰেইলাৰক লৈ দেশজুৰি চৰ্চা

অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা ঋত্বিকৰ চুপাৰ 30ৰ ট্ৰেইলাৰ মুকলিৰ পিছতে দৃষ্টি আকৰ্ষণ কৰিছে অভিনেতাগৰাকীয়ে। কংগনা ৰাণাৱটৰ মেণ্টেল হ্যে ক্যাৰ সৈতে সংঘাত এৰাই চলিবলৈ নিজৰ চিনেমাৰ মুক্তিৰ তাৰিখ সলনি কৰিছিল ঋত্বিকে।

news18assam
Updated:June 4, 2019, 4:52 PM IST
চুপাৰ 30 ত ঋত্বিকৰ ব্যতিক্ৰম ৰূপ চালেনে? ট্ৰেইলাৰক লৈ দেশজুৰি চৰ্চা
অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা ঋত্বিকৰ চুপাৰ 30ৰ ট্ৰেইলাৰ মুকলিৰ পিছতে দৃষ্টি আকৰ্ষণ কৰিছে অভিনেতাগৰাকীয়ে। কংগনা ৰাণাৱটৰ মেণ্টেল হ্যে ক্যাৰ সৈতে সংঘাত এৰাই চলিবলৈ নিজৰ চিনেমাৰ মুক্তিৰ তাৰিখ সলনি কৰিছিল ঋত্বিকে।
news18assam
Updated: June 4, 2019, 4:52 PM IST
চুপাৰ 30 ত বলিউড তাৰকা ঋত্বিক ৰৌশনক দেখি চিনিয়ে নাপাব আপুনি! চিনেমাখনৰ ট্ৰেইলাৰ মুকলিৰ পিছতে চৰ্চিত হৈ পৰিছে অভিনেতাজন। দীঘলীয়া সময়ৰ পিছত চিনেমা লৈ উভতি অহা ঋত্বিকে এই চিনেমাখনত এক সঁচা চৰিত্ৰত ব্যতিক্ৰমী ৰূপেৰে দৰ্শকৰ সন্মুখত ধৰা দিছে।

বিহাৰৰ প্ৰসিদ্ধ অধ্যাপক আনন্দ কুমাৰৰ চৰিত্ৰত অভিনয় কৰিছে ঋত্বিকে। চিনেমাখনৰ ট্ৰেইলাৰক লৈ অনুৰাগীসকলৰ মাজত যথেষ্ট উৎকণ্ঠা আছিল। ট্ৰেইলাৰৰ আকৰ্ষণীয় দৃশ্যাংশত দেখা গৈছে ঋত্বিকে নিজৰ চৰিত্ৰ অতি সুন্দৰভাৱে তুলি ধৰিছে। বিহাৰৰ স্থানীয় ভাষাও ঋত্বিকে সুন্দৰকৈ আয়ত্ব কৰিছে। চুপাৰ 30ত প্ৰফেচাৰ আনন্দৰ কাহিনী দেখুৱা হৈছে। প্ৰথমে আনন্দে এখন ডাঙৰ শিক্ষানুষ্ঠানত পঢ়ুৱাৰ সুবিধা লাভ কৰে। এই শিক্ষানুষ্ঠানত অধ্যাপনা কৰি থাকোতে তেওঁ অনুভৱ কৰে যে যিসকল ছাত্ৰ–ছাত্ৰীয়ে এনেকৈ মহঙা শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিব নোৱাৰে তেওঁলোকৰ কি হ’ব? এই ভাৱনাৰে তেওঁ আর্থিক ভাৱে দুৰ্বল একাংশ ছাত্ৰ–ছাত্ৰীৰ কাষ চাপে। আনন্দৰ এই ফ্ৰী কোচিঙে খবৰে ডাঙৰ শিক্ষানুষ্ঠানক ব্যতিব্যস্ত কৰি তোলে, ইয়াৰ পিছত কি হ’ল সেয়া হৈছে কাহিনীৰ টুইষ্ট!

ট্ৰেইলাৰত দেখুৱা হৈছে কেনেকৈ ঋত্বিকে নিজৰ ছাত্ৰ–ছাত্ৰীক পঢ়ুৱাবলৈ আজৱ পদ্ধতি গ্ৰহণ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি